ETV Bharat / state

Rangali Bihu 2023: বিহুৰ সৈতে জড়়িত প্ৰতিবিধ লোকবাদ্য গঢ়ি তুলিছে মাকুমৰ প্ৰফুল্ল খাউণ্ডে

author img

By

Published : Apr 9, 2023, 1:16 PM IST

ব’হাগৰ আগমনৰ বতৰা পাই লোকবাদ্য নিৰ্মাণত ব্যস্ত হৈ পৰিছে তিনিচুকীয়া মাকুমৰ প্ৰফুল্ল খাউণ্ড (Folk instrument maker of Assam) ৷ চেনেহৰ ব’হাগৰ বিহুৰ লগতে অসমীয়াৰ কলা সংস্কৃতিসমূহ যুৱ প্ৰজন্মক আদৰি ল’বলৈ আহ্বান প্ৰফুল্ল খাউণ্ডৰ ৷

Rangali Bihu 2023
লোকবাদ্য নিৰ্মাণত ব্যস্ত মাকুমৰ প্ৰফুল্ল খাউণ্ড

তিনিচুকীয়া, 9 এপ্ৰিল : চেনেহৰ ব’হাগৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ইতিমধ্যে প্ৰতিগৰাকী অসমীয়া সাজু হৈছে বাপতি সাহোন ব’হাগৰ বিহুটিক আদৰিবলৈ ৷ গছৰ ডালত কপৌ ফুল ফুলাৰ সমান্তৰালভাৱে গছৰ ডালত শুনিবলৈ পোৱা গৈছে কুলিৰ মাত ৷ ব’হাগ বিহু কাষ চাপি অহাৰ লগে লগে বিগত বৰ্ষসমূহৰ দৰেই ব্যস্ত দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ মাকুমৰ জ্যোতি নগৰৰ ৪৩ বছৰীয়া প্ৰফুল্ল খাউণ্ডক ৷ ব’হাগৰ আগমনৰ বতৰা পাই প্ৰফুল্ল খাউণ্ডে নাচনীৰ খোপা শুৱনি কৰিবলৈ কাকৈ, ফণি বনোৱাৰ লগতে ব্যস্ত হৈ পৰিছে গগনা বনোৱাত (Folk instrument maker of Assam) ৷

থলুৱা বিহু নামত কণ্ঠ নিগৰাই প্ৰফুল্লৰ দুহাত ব্যস্ত নাচনীৰ বাবে গগনা, কাকৈ ফণি, হুঁতুলী প্ৰস্তুত কৰাত ৷ সমান্তৰালভাৱে ব্যস্ত পেপাৰ মাতত নাচনীয়ে কঁকাল ভাঙি নাচিবলৈ চেনেহৰ পেপুৱাৰ কাৰণে ম’হৰ শিঙৰ পেঁপাটি সম্পূৰ্ণ কৰাত ৷ এইগৰাকী প্ৰফুল্ল খাউণ্ডে বিহুৰ সৈতে জড়িত বাদ্যযন্ত্ৰৰ অধিকাংশই বছৰে বছৰে প্ৰস্তুত কৰি আহিছে নিজ হাতে ৷ গগনা, বৰগগনা, কাকৈ ফণি, হুঁতুলী, পেঁপা, ঢোলৰ মাৰিৰ লগতে ইটো সিটো লোকবাদ্য (Preparation for Rangali Bihu 2023) ৷

এই সন্দৰ্ভত প্ৰফুল্ল খাউণ্ডে জানিবলৈ দিয়া অনুসৰি সৰুৰে পৰাই নিজৰ কাৰণে প্ৰয়োজন হোৱা বাদ্যযন্ত্ৰবোৰ প্ৰস্তুত কৰি বিহু মাৰি আহিছে ৷ এটা সময়ত গছতলৰ বিহুত নাচনীক কঁকাল ভাঙি নচোৱাৰ লগতে উজনিৰ মঞ্চ কপাঁইছিল খাউণ্ডে ৷ এক কথাত ক’বলৈ গ’লে প্ৰফুল্ল খাউণ্ড আছিল এজন নিভাজ বিহুৱা ৷ পূৰ্বে যিহেতু গগনা, কাকৈ ফণি, পেঁপা ইত্যাদিবোৰ কিনিবলৈ পোৱা সম্ভৱ নহৈছিল, গতিকে নিজৰ প্ৰয়োজনীয়বোৰ নিজেই তৈয়াৰ কৰি হৈছিল ৷ খাউণ্ডৰ হাতৰে তৈয়াৰী গগনাকে আদি কৰি বিভিন্ন সামগ্ৰী তিনিচুকীয়াৰ বিভিন্ন বিপণিত উপলব্ধ হৈ আহিছে বুলি খাউণ্ডে জানিবলৈ দিয়ে (Folk instrument makers of Tinsukia ) ৷

চেনেহৰ ব’হাগৰ বিহুৰ লগতে অসমীয়াৰ কলা-সংস্কৃতিসমূহ যুৱ প্ৰজন্মক আদৰি ল’বলৈ আহ্বান জনায় প্ৰফুল্ল খাউণ্ডে ৷ নিজৰ সংস্কৃতি পাহৰি পশ্চিমীয়া সংস্কৃতি আদৰি লোৱা কাৰ্যই চিন্তিত কৰি তুলিছে লোকবাদ্য প্ৰস্তুতকৰ্তাজনক ৷ সেয়ে অসমীয়া কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত খাউণ্ডে দ্বিতীয় বছৰৰ কাৰণে প্ৰায় ১০০ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ সাজু কৰিছে মাকুম সোণ মইনা হুঁচৰি দল নামেৰে এটি চেমনীয়া হুঁচৰি দল (Assamese traditional instruments made by Tinsukia artist)৷

লগতে পঢ়ক : Corruption in embankment construction : মথাউৰি নিৰ্মাণত বৃহৎ দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.