শদিয়া,28 ফেব্ৰুৱাৰী: ভাৰতবৰ্ষৰ ২৬টা ভাষাত কবিতা আবৃত্তি কৰি ইণ্ডিয়া বুকচ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱা কাকপথাৰ শান্তিপুৰৰ প্ৰাংশু চেতিয়াক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ ৰঙাজান মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত কাকপথাৰ, শান্তিপুৰ, ৰঙাজান, ফিলবাৰী মইনা পাৰিজাত, ডুমডুমা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, ৰঙাজান জাতীয় বিদ্যালয়, ৰঙাজান মধ্য ইংৰাজী বিদ্যালয়, তাই আহোম যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে গমোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, জাঁপিৰে সম্বৰ্ধনা জনায় ৷
উক্ত অনুষ্ঠানতে প্ৰাংশু চেতিয়াই বহুকেইটা ভাষাত কবিতা আবৃ্ত্তি কৰি ৰাইজক অভিভূত কৰে ৷ উল্লেখ্য যে, উক্ত অনুষ্ঠানতে অসম মইনা পাৰিজাতে শিশু ভাস্কৰ উপাধি প্ৰদান কৰা ৰঙাজানৰ হেমন্তৰাজ মৰাণক তাই আহোম যুৱ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক: বিজেপি আৰু কংগ্ৰেছক চিৰবিদায় দিবলৈ সাজু অসমৰ ৰাইজঃ দুলু আহমেদ