ডুমডুমা, 5 আগষ্ট : কৰ'ণা ভাইৰাছৰ পৰিপেক্ষিতত চৰকাৰে যাত্ৰীবাহী বাছ, মেজিক, অ্টো আদিৰ ওপৰত যাত্ৰী কঢ়িওৱা সন্দৰ্ভত জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰিবলৈ দাবী জনাইছে গাড়ী চালক সন্থাই । তিনিচুকীয়া জিলা আৰু ডুমডুমা আঞ্চলিক গাড়ী চালক সন্থাই বুধূবাৰে ডুমডুমাৰ ৰূপাই চাইডিংস্থিত অ্টো আস্থানৰ সন্মূখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি হাতে-হাতে বেনাৰ লৈ চৰকাৰী নিষেধাজ্ঞা বাতিল কৰাৰ বাবে দাবী জনায় ।
প্ৰেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ পৰিপেক্ষিতত চৰকাৰী নিৰ্দেশনা অনুসৰি সীমিত সংখ্যক যাত্ৰী কঢ়িয়াই পৰিয়াল পোহ-পাল দিয়াত সমস্যাত ভুগিবলগীয়া হৈছে বুলি উল্লেখ কৰে গাড়ীচালক সকলে ।
লগতে পঢ়ক : কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা