ডুমডুমা,2 নৱেম্বৰ : ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা নৈত দেওবাৰে নিশা সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড ৷ ডুমডুমা নগৰৰ কাষেৰে বৈ যোৱা ডুমডুমা নৈত কোনো দুষ্টচক্ৰই বিষ দি মাছ নিধনৰ অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
আনহাতে,বিষ দিয়াৰ পাচতেই নৈৰ মাছবোৰ পানীৰ ওপৰলৈ ওপঙি অহাত একাংশ অসচেতন লোকে মৃত মাছ ধৰিবলৈ হেতা-ওপৰা লগায় । এনেদৰে বিষযুক্ত মাছ ভক্ষণ কৰাৰ বাবে অঞ্চলটোত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
নৈৰ পানীত বিষ দি মাছ ধৰিবলৈ অপকৰ্ম কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সচেতন লোকসকলে ।
লগতে পঢ়ক : মৰাণৰ তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন