ETV Bharat / state

ডিৰাক চোমনি বান্ধৰ নিৰ্মাণত লেহেমীয়া গতি, তীব্ৰ আন্দোলনৰ হুংকাৰ - জিঅ‘ বেগ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে বিভাগীয় বিষয়া,কৰ্মচাৰীক গৰাখহনীয়া ৰোধৰ কাম ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল, যদিও সেই নিৰ্দেশ আজিলৈকে কাৰ্যকৰী নহল ৷

ডিৰাক চোমনি বান্ধৰ নিৰ্মাণত লেহেমিয়া গতি, তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ বান্ধ সুৰক্ষা সমিতিৰ
author img

By

Published : May 29, 2019, 11:24 PM IST

তিনিচুকীয়া 29 মেঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জলন্ত সমস্যা ডিৰাক চোমনি বান্ধৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা লেহেমীয়া হোৱাত ক্ষোভ উজাৰিছে ন দিহিং বান্ধ সুৰক্ষা সমিতিয়ে ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে বিভাগীয় বিষয়া,কৰ্মচাৰীক গৰাখহনীয়া ৰোধৰ কাম ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল,যদিও সেই নিৰ্দেশ আজিলৈকে কাৰ্যকৰী নহল ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়া বিশ দিন উকলি গল যদিও বৃহৎ নদীখনত গৰাখহনীয়া ৰোধৰ নামত মাত্ৰ ডেৰশটা জিঅ' বেগৰ কাম কৰিয়েই দায়িত্ব সামৰিছে ৷ বিভাগটোৰ কৰ্মচাৰীয়ে কাম কৰা মানুহৰ অভাৱৰ লগতে জিঅ' বেগ বিভাগৰ পৰা দিয়া নাই আদি দায়িত্বজ্ঞানহীন মন্তব্য কৰিয়েই দায়িত্ব সামৰিছে ৷ ন দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে এনেদৰে লেহেমীয়া গতিত কাম কৰাতকৈ নকৰাই ভাল বুলি মন্তব্য কৰাৰ লগতে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিছে ৷ বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে ক্ষোভেৰে কয় যে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে, তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৯২ চনত ডিৰাক চোমনি বান্ধটো ভগাৰ ফলত প্ৰায় শতাধিকতকৈ অধিক গাঁৱৰ ক্ষতিগ্ৰস্ত হৈছিল ৷

Intro:ডিৰাক চোমনি বান্ধৰ নিৰ্মাণত লেহেমিয়া গতি, তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ বান্ধ সুৰক্ষা সমিতিৰ

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জলন্ত সমস্যা ডিৰাক চোমনি বান্ধৰ গৰাখহনীয়া ৰুধৰ ব্যৱস্থা লেহেমিয়া হোৱাত ক্ষুভ উজাৰিছে নি দিহিং বান্ধ সুৰক্ষা সমিতিয়ে ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে বিভাগীয় বিষয়া, কৰ্মচাৰীক গৰাখহনীয়া ৰুধৰ কাম ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল যদিও কাৰ্যক্ষেত্ৰত হোৱা দেখা নাই ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়া বিশ দিন উকলি গল যদিও বৃহৎ নদীখনত গৰাখহনীয়া ৰুধৰ নামত মাত্ৰ ডেৰশটা জিঅ' বেগৰ কাম কৰিয়েই দায়িত্ব সামৰিছে ৷ কাম কৰাৰ মানুহৰ অসুবিধা, জিঅ' বেগ বিভাগৰ পৰা দিয়া নাই ইত্যাদি এশ এবুৰি দায়িত্বজ্ঞানহীনতা মন্তব্য কৰি দায়িত্ব সামৰিছে বিভাগটোৰ কৰ্মচাৰীয়ে ৷ ন দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে এনেদৰে লেহেমিয়া গতিত কাম কৰাতকৈ নকৰাই ভাল বুলি মন্তব্য কৰাৰ লগতে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷ বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে ক্ষুভেৰে কয় অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথ অবৰুধ, তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৯২চনত ডিৰাক চোমনি বান্ধটো ভগাৰ ফলত প্ৰায় শতাধিকতকৈ অধিক গাৱঁৰ ক্ষতিগ্ৰস্ত হৈছিল ৷Body:Byte : publicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.