ETV Bharat / state

ডিগবৈত সুৰেণ ফুকনৰ সমৰ্থকৰ বিশাল ৰেলী

ৰাষ্ট্ৰীয় তথা আঞ্চলিকতাবাদী দলে নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত সভা-সমিতি আয়োজনেৰে ভোটাৰৰ মাজত ব্যাপক প্ৰচাৰ চলাই থকাৰ সমান্তৰালভাৱে ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেণ ফুকনৰ সমৰ্থকে দেওবাৰে এক বিশাল বাইক ৰেলী বাহিৰ কৰে ৷

ডিগবৈত সুৰেণ ফুকনৰ সমৰ্থকৰ বিশাল বাইক ৰেলী

author img

By

Published : Mar 23, 2021, 10:05 PM IST

তিনিচুকীয়া,23 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন বাকী । এক কথাত কবলৈ গ’লে ৰাজ্যত এতিয়া প্ৰায় সকলো শ্ৰেণীৰ লোকৰ মাজত চলিছে নিৰ্বাচনী জ্বৰ । কোনো ফালৰ পৰা পিছ পৰি ৰোৱা নাই, ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলো । ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেণ ফুকনৰ সমৰ্থকে দেওবাৰে এক বিশাল বাইক ৰেলী বাহিৰ কৰে ৷

ডিগবৈত সুৰেণ ফুকনৰ সমৰ্থকৰ বিশাল বাইক ৰেলী

ডিগবৈৰ পাৱৈ হাইস্কুল খেলপথাৰৰ পৰা বাহিৰ কৰা এই ৰেলীত সমষ্টিটোৰ দহখন পঞ্চায়ত আৰু দুখন টাউন কমিটিৰ প্ৰায় সহস্ৰাধিক মটৰ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে ৷ ডিগবৈ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ গাঁৱে-গাঁৱে পৰিভ্ৰমণ কৰি সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ চলাবলৈ সুৰেণ ফুকনৰ সমৰ্থকসকলে এই ৰেলীটো বাহিৰ কৰে ৷ বিজেপি প্ৰাৰ্থী সুৰেণ ফুকনে আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰায় সত্তৰ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়কঃ কাৰাগাৰৰ পৰা লিখা অখিল গগৈৰ এখন পত্ৰই জোকাৰিছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.