ETV Bharat / state

Press conference at Dumduma: লিডুৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰ দাবী

author img

By

Published : Apr 5, 2023, 1:12 PM IST

"জোহাৰ লিগেল এচোছিয়েট" নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ ডুমডুমাত সংবাদমেল(PC of Zohar Legal Associate) । অবৈধ কয়লাখনিত দুৰ্ঘটনাত মৃত্যু ঘটা দুই শ্ৰমিকৰ ক্ষতিপূৰণৰ দাবীত আয়োজন কৰে সংবাদমেলখনত । লগতে অবৈধ কয়লাখনিৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাই সংগঠনটোৱে ।

Demand for compensation to workers who died in coal mine
কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰ দাবী

তিনিচুকীয়া,৫ এপ্ৰিল: পেটৰ তাড়নাত পৰি নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি কয়লাখননৰ কামত জৰিত হয় বহু শ্ৰমিক । বিভিন্ন কয়লাখনিৰ দৰে তিনিচুকীয়া জিলাৰ লিডুৰ অবৈধ কয়লাখনিতো এনেদৰেই জড়িত হৈ আছে বহু শ্ৰমিক ৷ কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা এজন শ্ৰমিক পুনৰ ঘৰমুৱা হ’ব পাৰিব নে নাই তাৰ কোনো নিশ্চয়তা নাই ৷ শেহতীয়াকৈ মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ মৃত্যুয়েই যেন জ্বলন্ত উদাহৰণ ।

দুটা মাহ উকলি গ’ল । কিন্তু আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই প্ৰাঞ্জল মৰাণৰ মৃতদেহ ৷ অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যু হোৱা খৱৰ এয়াই প্ৰথম নহয়, পৰাপক্ষত মালিকপক্ষই গাপ দিব বিচাৰে শ্ৰমিকৰ মৃত্যুৰ তথ্য ৷ পুনৰ 'জোহাৰ লিগেল এচোছিয়েট' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ডুমডুমাত এখন সংবাদমেলৰ আয়োজন কৰি দুজন শ্ৰমিকৰ মৃত্যুৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে (Press conference at Dumduma) ।

তেওঁলোকে সংবাদ মাধ্যমক অৱগত কৰে যে, যোৱা ২২ জানুৱাৰীত লিডুৰ অন্তৰ্গত টিৰাপ কলিয়াৰীত অবৈধ কয়লাখননৰ কামত তিনিগৰাকী ব্যক্তি ক্ৰমে ৰূপম চক্ৰৱৰ্তী, সঞ্জয় ঠাকুৰ আৰু ক্ষীতিশ দেৱনাথৰ অধীনত কাম কৰি থাকোঁতে ৰিতু কঠালগুৰি গাঁৱৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ বিজয় মুণ্ডা নামৰ শ্ৰমিক দুজনৰ মৃত্যু হৈছিল । হঠাতে মিথেন গেছ প্ৰৱাহিত কৰি দিয়াৰ কাৰণে লগে লগে শ্ৰমিক দুজন মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে (Demand for compensation to workers who died in coal mine) ।

তেওঁলোকে জনোৱা মতে কয়লা খন্দোৱা অবৈধ ঠিকাদাৰকেইজনে মৃত শ্ৰমিক দুজনৰ মৃতদেহ পৰীক্ষা কৰাই পিচদিনা নিজ নিজ পৰিয়ালক চমজাই দিয়াত তেওঁলোক দুজনৰ শেষকৃত্য সম্পাদন কৰা হয় । কিন্তু দৰিদ্ৰ পৰিয়াল দুটাক কোনো আৰ্থিক সাহায্য তেওঁলোকে প্ৰদান নকৰিলে আৰু পিচত কোনো খবৰো নকৰিলে । শ্ৰমিক দুজনৰ পৰিয়ালৰ দুই দুৰ্ভগীয়া পত্নীয়ে তিনিটাকৈ সন্তানসহ বৰ্তমান এক দুৰ্বিসহ জীৱন কটাই আছে বুলি জানিবলৈ দিয়ে সংবাদমেলত (PC of Zohar Legal Associate) ।

দুৰ্গত শ্ৰমিক দুজনৰ পৰিয়ালক ২৫ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে সংবাদমেলৰ জৰিয়তে । লগতে অবৈধ কয়লাখনন কাৰ্য বন্ধ কৰা আৰু শ্ৰমিক দুজনক মৃত্যু সম্পৰ্কত স্থানীয় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এওঁলোকৰ মৃত্যুৰ বাবে দায়ী অবৈধ কয়লা খননকাৰী ঠিকাদাৰ তিনিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈও দাবী উত্থাপন কৰে সংগঠনটোৱে ।

মৃত দুই শ্ৰমিকৰ লগত এজন আত্মীয়ই কাম কৰা বাবেহে মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । নহ'লে তেওঁলোক দুজনৰ মৃতদেহ বস্তাত বান্ধি কোনেও গম নোপোৱাকৈ নৈৰ পানীত পেলালেহেঁতেন বুলি সদৰী কৰে । এনে বহু ঘটনা অবৈধ কয়লা খননত ঘটি আছে বুলি সংবাদমেলখনত ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: ATASU Round Table Conference : আহোম জনগোষ্ঠীৰ উমৈহতীয়া ৰাজনৈতিক মঞ্চৰ উকমুকনি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.