ETV Bharat / state

নাই পকী দলং, ভঙা বাঁহৰ দলঙেৰে যাতায়ত গঁঞা ৰাইজৰ - PWD

ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ এটা অঞ্চলত এখন ভঙা দলঙৰ ওপৰেদি দৈনন্দিন যাতায়ত কৰিবলৈ বাধ্য হৈছে ভুক্তভোগী জনসাধাৰণ ৷ হতাশ ৰাইজে জনপ্ৰতিনিধি তথা চৰকাৰী আমোলাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

নাই পকী দলং, ভঙা বাঁহৰ দলঙেৰে যাতায়ত গঞা ৰাইজৰ
author img

By

Published : Jul 21, 2019, 11:32 PM IST

কাকপথাৰ, 21 জুলাইঃ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ অঞ্চলটোৰ এখন পুৰণি উৱঁলি যোৱা বাঁহৰ দলঙেৰে দুৰ্বিষহ যাতায়তৰ বিকল্প নোহোৱা হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ ৷ বৃহৎতৰ কাকপথাৰৰ লগত যোগাযোগ স্থাপনৰ বাবে দলঙখনেই হৈছে স্থানীয় ৰাইজৰ বাবে যাতায়তৰ শেষ মাধ্যম ৷ ইতিমধ্যেই অঞ্চলটোত দীৰ্ঘদিন ধৰি জনপ্ৰতিনিধিৰ পৰা ৰাস্তা-ঘাট, দলং আদিৰ নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছে তীব্ৰ অৱহেলা তথা বঞ্চনাৰ ৷ বহুবাৰ দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক , বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইজন জিলা উপায়ুক্তক স্থানীয় ৰাইজে জনাই অহাৰ পাছতো আজিলৈকে পূৰ্বৰ দৰে উন্নয়নৰ পৰা অৱহেলিত তথা বঞ্চিত হৈয়েই আছে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে অতি শীঘ্ৰেই চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক এই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

Intro:বছৰ বছৰ ধৰি উপেক্ষিত এটা অঞ্চল// এখন বিধ্বস্ত দলঙে কন্দুৱাইছে ৰাইজক// স্থানীয় বিধায়কৰ উপৰত উজাৰিলে ক্ষোভ ৷

কাকপথাৰ : : বিকশিত অসম , পৰিবৰ্তনশীল অসম , উন্নয়নশীল অসম ৷ শুনিলে এনে লাগে যেন আমি আজিৰ অসমৰ বাসিন্দা নহয় , এখন সম্পূৰ্ণ আধুনিকতাৰে ভৰা চৌদিশে প্ৰযুক্তিবিদ্যাৰে আগুৰি থকা এখন নতুনত্বৰ অসমৰ বাসীন্দা ৷ কিন্তুু এইয়া যে মাথো কাগজে কলমে বা নেতা মন্ত্ৰী সকলৰ ভাষনতহে সীমাবদ্ধ সেইয়া প্ৰমাণিত হৈছে ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ এটা অঞ্চলত ৷ সৰু বৰ কেইবাখনো গাঁও লগ হৈ ৰুমাইগাভৰু নামেৰ জনাজাত এই অঞ্চল ৷ কাকপথাৰৰ পৰা বা কুমচাং গাঁও পঞ্চায়তৰ পৰা আৰু কাকপথাৰ উন্নয়ন খণ্ডৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ক্ষুদ্ৰ চাহ বাগিছাৰে আবৰি থকা এই ৰুমাই গাভৰু অঞ্চল ৷ চাহ ব্যৱসায়ৰ পূৰ্ণ সম্ভাৱনা থকা এই ঠাইৰ বাসীন্দা সকল আজিও যেন আধুনিকতাৰ পৰা বহু দূৰত্বত ৷ কোনো এখন চৰকাৰৰ প্ৰতিনিধিৰ চকুত নপৰে যেন এই অঞ্চল ৷ দীৰ্ঘ দিনে সন্মুখীন হৈ আহিছে ৰাষ্টা ঘাট , দলং আদিৰ বিভিন্ন সমস্যাৰ ৷ শেহতীয়াকৈ এই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ উত্তেজিত হৈ উঠিছে ৷ ক্ষোভ উজাৰিছে স্থানীয় বিধায়ককে ধৰি পঞ্চায়তৰ বিষয়া প্ৰতিনিধি সকলৰ উপৰত ৷ অভিযোগ আনিছে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ ৷ স্বাধীনতাৰ কালৰে পৰা অৱশিষ্ট সম্পূৰ্ণ বিধ্বস্ত ৰাইজৰ ধনেৰে নিৰ্মাণ কৰি অহা ডুমডুমা নদীৰ উপৰৰ এখন দলং ৷ যিখন দলংৰ বাবে বছৰ বছৰ ধৰি আবেদন জনাই আহিছে স্থানীয় বিধায়ক , বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইজন জিলা উপায়ুক্তক ৷ কিন্তুু তাৎপৰ্যপূৰ্ণ বিষয় যে আজি কোপতি কোনো ধৰণৰ সুফল নাপালে স্থানীয় বাসিন্দাই ৷ প্ৰায় ১৫ খন গাঁৱৰ অহা যোৱা কৰা একমাত্ৰ সম্বল এইখন দলং ৷ যি খন দলঙেদি কাষতে থকা ডুমডুমা নগৰলৈ ৰুমাই গাভৰু মাজগাঁও হৈ দূৰত্ব মাত্ৰ ২০ মিনিটৰ ৷ কিন্তুু এই ২০ মিনিটৰ দূৰত্বও যেন এপষেক হয় তেওঁলোকৰ বাবে ৷ কাৰন এই দলং খনৰ ওপৰেদি বাইচাইকেল কান্ধত ভাৰ বান্ধি নিয়া সংবাদ মাধ্যমৰ দৃষ্টি গোচৰ হৈছে ৷ খোজ কাঢ়ি গলেও যেন সম্পূৰ্ণ বিপদ বুকত লৈ যাত্ৰা কৰিব লগীয়া হয় এই দলঙেদি ৷ তেনে ক্ষেত্ৰত কোনো ধৰনৰ বাহন যাব পৰা বিষয়টো যেন এক অবিশ্বাস্য সপোন ৷ ৰুগী সকলক পাচিত ভাৰ বান্ধি নিব লগীয়া হয় এই অঞ্চলৰ ৰাইজে ৷ এই দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু ঘটিছে লগতে প্ৰায়ে ইয়াৰ পৰা পৰি বিভিন্নজনৰ হাত ভৰিও ভাঙিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ শেহতীয়াকৈ শাষনাধিষ্ট বিজেপি চৰকাৰ , ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক দূৰ্গা ভুমিজ আৰু পঞ্চায়ত প্ৰতিনিধি সকলৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে লগতে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই দলং খন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.