ETV Bharat / state

চপৰা চপৰকৈ খহিল তিনিচুকীয়াৰ নৱ-নিৰ্মিত পথ

তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিম্ন মানদণ্ডৰে কাম কৰি এক বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজ তথা দল-সংগঠনৰ ৷

চপৰা চপৰকৈ খহিল তিনিচুকীয়াৰ নৱ-নিৰ্মিত পথ
author img

By

Published : Oct 26, 2019, 7:00 PM IST

তিনিচুকীয়া, 26 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ দুৱাৰমৰা খেৰজান পথৰ নৱ-নিৰ্মিত পাৰ্বতিপুৰৰ পৰা টঙানী সোণজান অংশত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই গোপন বুজাবুজিৰে নিম্ন মানদণ্ডৰে কাম কৰি এক বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজ তথা দল-সংগঠনৰ ৷ পথটোৰ লগতে পথচোৱাত থকা কেইবাটাও কালভাৰ্ট চপৰা চপৰকৈ খহাৰ লগতে চিৰাল ফাঁট দিয়া দেখা গৈছে ৷ তিনিচুকীয়াৰ বহু বিতৰ্কিত পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা বি.বি. এন্টাৰপ্ৰাইজ আৰু বিভাগীয় তদাৰকী অভিযন্তাই গড়কাপ্তানী বিভাগৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি দুৰ্নীতিৰ বজাৰ মেলি নিম্ন মানদণ্ডৰ নির্মাণকাৰ্য কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠন ৷ এই পথটো নিৰ্মাণৰ প্ৰথম অৱস্থাৰ পৰাই ব্যাপক খেলিমেলি হোৱাৰ বাতৰি পূৰ্বেই সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ফিল'বাৰী আঞ্চলিক সমিতিয়ে দাবী জনাইছে অন্যথা তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ৷

চপৰা চপৰকৈ খহিল তিনিচুকীয়াৰ নৱ-নিৰ্মিত পথ

আৰু পঢ়কঃ শৌচালয়ৰ অভাৱত লঘোণে থকা গাঁওখনৰ মহিলাসকল

Intro:Date: 26-10-2019.

Slug: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পি এম জি এছ ওয়াই আঁচনিৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ।

:পকী অংশ হাতেৰে খান্দি ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ।

V.O: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত প্ৰায় ৩.৩৮ কোটি টকাৰ আবন্টনেৰে ৪.৮ কিলোমিটাৰ দৈঘ্যৰ দুৱাৰমৰা খেৰজান পথৰ নব নিৰ্মিত পাৰ্বতিপুৰৰ পৰা টঙানী সোণজান পথ অংশত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই গোপন বুজাবুজিৰে নিম্ন মানদণ্ডৰে নিৰ্মান কৰি এক বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত, পকী অংশ হাতেৰে খান্দি স্থানীয় ৰাইজে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায় । পথ চোৱাৰ লগতে এই পথত থকা কালভাৰ্ট সমূহ নিৰ্মানতো ঠিকাদাৰৰ গাফিলটি পৰিলক্ষিত হৈছে । কালভাৰ্ট সমূহ কেৱল মাত্ৰ সামান্য পৰিমাণৰ চিমেন্ট দি অধিকাংশ বালিৰে নিৰ্মান কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ লগতে নিৰ্মানৰ মাত্ৰ কেইদিনমানৰ পাছতেই কালভাৰ্ট সমূহত দেখা গৈছে চিৰাল ফাট । ঠিকাদাৰ আৰু অভিযন্তাই মিলি পথটোৰ নিৰ্মাণত এনেদৰে নিম্ন মানৰ কাম কৰি ধন আত্মসাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । গড়কাপ্তানী বিভাগৰ নীতি নিৰ্দেশনাক তিল মাত্ৰও গুৰুত্ব প্ৰদান নকৰি একমাত্ৰ মুনাফা লাভৰ স্বাৰ্থত তিনিচুকীয়াৰ বহু বিতৰ্কিত পথ নিৰ্মানকাৰী ঠিকাদাৰী সংস্থা বি. বি. এন্টাৰপ্ৰাইজ আৰু বিভাগীয় তদাৰকী অভিযন্তাই দুৰ্নীতিৰ বজাৰ মেলি নিম্ন মানদণ্ডৰ নির্মাণকাৰ্য কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ । অন্যহাতে স্থানীয় তদাৰক সমিতিৰ নিৰৱ ভূমিকাতো সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । উল্লেখযোগ্য যে, এই পথটো নিৰ্মাণৰ প্ৰথম অৱস্থাৰ পৰাই ব্যাপক খেলিমেলি হোৱা বাতৰি ইতিমধ্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল । এই পথ চোৱাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ফিল'বাৰী আঞ্চলিক সমিতিয়ে দাবী জনাইছে অন্যথা জংগী গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে যুৱ-ছাত্ৰ পৰিষদে ।

Byte: AJYCP নেতা ।
Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 26-10-2019.

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.