ETV Bharat / state

চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি

author img

By

Published : Nov 30, 2020, 4:45 PM IST

চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত দূৰ্নীতি ৷ ২০১৪ চনতে সাংসদ পুঁজিৰ ধনেৰে কাকপথাৰৰ চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে তেতিয়াৰ সাংসদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচ লাখ টকাৰ অনুমোদন জনাইছিল যদিও আজিও সম্পূৰ্ণ নহ'ল প্ৰেক্ষাগৃহটো ৷ অতি নিম্নমানৰ কামেৰেই বিজেপি নেতাই ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

as_Sadiya_corruption_of_selenguri_vis_ASC10010
চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি

শদিয়া, 30 নৱেম্বৰ: কাকপথাৰৰ চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত দূৰ্নীতি ৷ বিজেপি নেতাৰ বিৰুদ্ধে দূৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ২০১৪ চনতে সাংসদ পুঁজিৰ ধনেৰে কাকপথাৰৰ চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে তেতিয়াৰ সাংসদ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচ লাখ টকাৰ অনুমোদন জনাইছিল ৷ কিন্তু আজিও প্ৰেক্ষাগৃহটো সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, প্ৰেক্ষাগৃহটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বৰ্তমানৰ বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সুশীল শইকীয়াৰ লগতে বহুকেইজন বিজেপি নেতাই ৷ অতি নিম্নমানৰ কামেৰেই ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজ তথা চেলেংগুৰীৰ যুৱ-সংঘৰ কৰ্মকতাই তিনিচুকীয়া জিলা উপায়ুক্তৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক বিষয়টো সন্দৰ্ভত অভিযোগ কৰিছিল যদিও বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ যুৱ-সংঘৰ বিষয়ববীয়াসকলৰ ৷

দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংসদ পুঁজিৰ ধনৰ দূৰ্নীতিত লিপ্ত থকা বিজেপিৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক সুশীল শইকীয়াকে ধৰি আন বিজেপি নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে বুলিও প্ৰশ্ন উথাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: নগাঁৱত মুকলি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ ন-কইনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.