ETV Bharat / state

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি ! - arunachal pradesh

অৰুণাচল প্ৰদেশৰ ন-দিহিঙত প্ৰবল খহনীয়া ৷ কি হ'ল 42 কোটি টকীয়া চিট প্লেন নিৰ্মাণৰ কাম ৷

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি !
author img

By

Published : Jul 13, 2019, 1:44 PM IST

শদিয়া, 13 জুলাই : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং সমষ্টিত ন-দিহিং নদীত চিট প্লেন প্ৰজেক্টৰ নামত বৃহৎ দুৰ্নীতিৰ সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ২০১৬-২০১৭ বৰ্ষত নদীখনৰ প্ৰবল গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিট প্লেন প্ৰজেক্টৰ বাবে মুকলাই দিছিল 42 কোটি টকা ৷ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনৰ পুত্ৰ আদিত্য মেইনৰ এ কে এন্টাৰপ্ৰাইছ ফাৰ্মৰ নামত কাম কৰা প্ৰতিষ্ঠানটোৱে 2কি:মি: গৰাখহনীয়া ৰোধৰ চিট প্লেন নিৰ্মাণৰ কাম কৰিছিল যদিও কাম সমাপ্ত নৌহওতেই ভাগি যায় এটা অংশ ৷ লেকাং সমষ্টিৰ নদীখনৰ চিট প্লেন ভাগি উটি যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁৱলৈ আহিছে প্ৰবল ভাবুকি ৷ নদীখনৰ কাষতে দেউৰী গাঁও, মহাদেৱপুৰ, চিতপানী, ডিৰাক গেটকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বহু সংখ্যক গাঁও উক্ত নৈখনৰ গৰাখহনীয়া ৰোধৰ বাবে দিয়া চিট প্লেন ভাঙি যোৱাৰ ফলতে বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি !
ইপিনে মাত্ৰ দুই কি:মি: দৈঘ্যৰ চিট প্লেন নিৰ্মাণৰ দ্বাৰা গৰাখহনীয়া ৰোধৰ বাবে বিয়াল্লিশ কোটিকৈ টকা অপব্যৱহাৰ হোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নামচাই জিলা তথা লেকাং সমষ্টিত ৷ এই চিত প্লেন প্ৰজেক্টটোৰ সিংহভাগ ধনেই মন্ত্ৰী, আমোলা, বিভাগীয় ইঞ্জিনীয়াৰে মিলি পকেটত ভৰোৱাৰ ফলত নিৰ্মাণৰ কাম শেষ নৌহওঁতেই মথাউৰি ছিগি পানীয়ে উটুৱাই নিয়াৰ অভিযোগ ৰাইজৰ ৷

Intro:অৰুণাচল প্ৰদেশৰ ন-দিহিংত বৃহৎ খহনীয়া, কাম শেষ নহওতেই আত্মসাৎ ৪২কোটি টকীয়া চিত প্লেন আচনি

শদিয়া : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং সমষ্টিত ন-দিহিং নদীত বৃহৎ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ ২০১৬-২০১৭বৰ্ষত নদীখনৰ প্ৰবল গৰাখহনীয়া ৰুধৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিত প্লেন প্ৰজেক্টৰ বাবে বিয়াল্লিশ কোটি টকা মোকলাই দিছিল ৷ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনৰ পুত্ৰ আদিত্য মেইনৰ এ কে এন্টাৰপ্ৰাইছ ফাৰ্মৰ নামত কাম কৰা প্ৰতিষ্ঠানটোৱে দুই কি:মি: গৰাখহনীয়া ৰুধৰ চিত প্লেন নামেৰে কাম কৰিছিল যদিও কাম সমাপ্ত নহওঁতেই এটা অংশ ভাগি যায় ৷ লেকাং সমষ্টিৰ নদীখনৰ চিত প্লেন ভাগি পানীৰে উতোৱাই যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় চল্লিশখন গাৱলৈ প্ৰবল ভাবুকি আহিছে ৷ নদীখনৰ কাষতে দেউৰী গাওঁ, মহাদেৱপুৰ, চিতপানী, ডিৰাক গেটকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বহু সংখ্যক গাওঁ উক্ত নদীখনৰ গৰাখহনীয়া ৰুধৰ বাবে দিয়া চিত প্লেন ভাঙি যোৱাৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিয়াত ৷ মাত্ৰ দুই কি:মি: দীৰ্ঘৰ গৰাখহনীয়া ৰুধৰ বাবে বিয়াল্লিশ কোটিকৈ টকা অপব্যৱহাৰ হোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নামচাই জিলা তথা লেকাং সমষ্টিত ৷ স্থানীয় ৰাইজৰ অভিযোগ যে এই চিত প্লেন প্ৰজেক্টটোৰ সিংহভাগ ধনেই মন্ত্ৰী, আমোলা, বিভাগীয় ইঞ্জিনীয়াৰে মিলি পকেটত ভৰোৱাৰ ফলত নিৰ্মাণৰ কাম শেষ নহওঁতেই ভাগি পানীয়ে উতোৱাই নিয়ে ৷ নিম্নমানদণ্ডৰ ৰড', চিমেন্টেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰকাম শেষ নহওঁতেই ভাগি পৰাৰ লগতে অঞ্চলবাসীয়ে চুলিৰ আগত জীয় বান্ধি জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ বিয়াল্লিশ কোটি টকীয়া বিয়াগোম প্ৰজেক্টটোৰ সম্পুৰ্ণ কামৰ অতি সোনকালে সমাধা কৰাৰ লগতে প্ৰজেক্টটোৰ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত সকলৰ ওপৰত তদন্ত কৰি দুষীসকলৰ উচীত শাস্তীৰ দাবী জনাইছে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে প্ৰজেক্টটো নিৰ্মাণত জড়িত বিভাগীয় ইঞ্জিনীয়াৰৰ পৰা বিষয়টো জানিব বিচৰাত ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, সম্পুৰ্ণ তথ্যভিৰ্তীত হৈছে বুলি জানিবলৈ দিয়ে ৷ কোটি টকীয়া প্ৰজেক্টটো ভাঙি যোৱা অংশ বৰ্তমান বাহঁ, বালিৰে নিৰ্মাণ কৰি থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷Body:Byte : 1/ Public
2/ public
3/ JEE, DipertmentConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.