শদিয়া,২৭ মাৰ্চ: শুকুৰবাৰে শদিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ তিনিচুকীয়াৰ শদিয়া সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়াক খেদি খেদি আক্ৰমণ বিজেপি কৰ্মীৰ । লক্ষীণ চন্দ্ৰ চেতিয়াই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত একাংশ বিজেপি কৰ্মীয়ে খেদি খেদি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সমষ্টিটোৰ ধলা মুলুক গাঁৱত চেতিয়াৰ নিৰ্বাচনী বিধি উলংঘা কৰাক লৈ বিজেপি কৰ্মীসকল ক্ষোভিত হৈ আক্ৰমণ কৰে ।
কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে গাঁৱখনত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি একাংশ বিজেপি কৰ্মীয়ে প্ৰাৰ্থীগৰাকীৰ লগতে তিনিচুকীয়া জিলাৰ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গকুল সিং ৰায়ক মাৰপিট কৰে ৷ এঘৰ মানুহৰ ঘৰত আহাৰ গ্ৰহণ কৰিবলৈ যোৱা বুলি কংগ্ৰেছ প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়াই উল্লেখ কৰে ৷
নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত বিজেপি প্ৰাৰ্থী বলিন চেতিয়াৰ গুণ্ডা বাহিনীয়ে এইদৰে শাৰীৰিক আক্ৰমণ কৰাৰ ঘটনাই সমষ্টিটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ অৱশেষত দেহৰক্ষীৰ সহযোগত সেই স্থানৰ পৰা পলায়ন কৰে কংগ্ৰেছী প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়া ৷
লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত: বিজেপি গমনৰ দিশে নীলমণি সেন ডেকা