ETV Bharat / state

Congress joining meeting: শদিয়াত কংগ্ৰেছত শতাধিকৰ যোগদান

author img

By

Published : Apr 13, 2023, 2:15 PM IST

শদিয়াত কংগ্ৰেছৰ দলীয় সাংগঠনিক সভাত শতাধিকৰ যোগদান (Congress joining programme)। বিজেপি, এজেপি, গণ শক্তি দলৰ মণ্ডল, আঞ্চলিক, বুথ পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছত যোগদান ।

Congress joining programme
শদিয়াত কংগ্ৰেছৰ দলীয় সাংগঠনিক সভা
শদিয়াত কংগ্ৰেছৰ দলীয় সাংগঠনিক সভা

তিনিচুকীয়া , ১৩ এপ্রিল: তিনিচুকীয়া জিলাৰ শদিয়াত বুধবাৰে আয়োজিত কংগ্ৰেছৰ দলীয় সাংগঠনিক সভাত এশতকৈও অধিক লোকৰ যোগদান (Congress joining meeting in Sadiya)। বিজেপি, এজেপি, গণ শক্তি দলৰ মণ্ডল, আঞ্চলিক, বুথ পৰ্যায়ৰ কৰ্মী কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । প্ৰতিটো ৰাজনৈতিক দলেই লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাই থকাৰ মাজতেই তিনিচুকীয়া জিলাৰ শদিয়াৰ অমৰপুৰত কংগ্ৰেছত শতাধিত লোকে অংশগ্ৰহণ কৰে (Congress fired against BJP)। কংগ্ৰেছৰ দলীয় সাংগঠনিক সভাৰ জৰিয়তে বিজেপি, এজেপি, গণশক্তি দলৰ মণ্ডল, আঞ্চলিক আৰু বুথ পৰ্যায়ৰ কর্মীক কংগ্ৰেছ দলত যোগদান কৰোৱাৰ অভিযান আৰম্ভ কৰিছে ।

কংগেৰেছ নেতাসকলে কয় যে চৰকাৰে এই অঞ্চলটোৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ সমাধান কৰাত কোনোদিনেই গুৰুত্ব আৰোপ কৰা নাই । সেইবাবে নেতাসকলে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে । বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান অমৰপুৰ অঞ্চলত এখন উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা নকৰাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কটু সমালোচনা কৰে (Congress criticised minister Ranoj Pegu) ।

তেওঁলোকে আগন্তুক নিৰ্বাচনত জয়ী হ'লে কংগ্ৰেছে ৰাইজৰ হৈ কাম কৰিব বুলি উল্লেখ কৰে । চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছ নেতাসকলে কয় যে বিজেপিৰ দুৰ্নীতিৰ কথা ইতিমধ্যে সকলোৱে বুজি পাইছে ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত সকলো ক্ষেত্ৰতে অসম্ভৱ হৈ পৰিছে বুলি তেওঁলোকে কয় ।

এই সভাত বক্তাসকলে দেশৰ জনসাধাৰণক কোঙা কৰা মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰি তেওঁলোকে ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱা মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । দেশত এতিয়া নৰেন্দ্ৰ মোডীৰ লুটপাতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন বিপদাপন্ন কৰি তুলিছে বুলি বক্তাসকলে অভিযোগ কৰে । ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি একনায়কত্ববাদী শাসনৰ পাতনি মেলা বিজেপি চৰকাৰক শাসনৰ পৰা উৎখাত কৰি ৰাইজক সুশাসন দিবলৈ কংগ্ৰছ নেতাই আহ্বান জনায় ।

লগতে পঢ়ক:Venture Schools in Assam: ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি কৰ্তন; ৭ সহস্ৰাধিক শিক্ষকৰ জীৱনলৈ নামিছে ঘোৰ অমানিশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.