নিউজ ডেস্ক, 8 জুনঃ অনুমতি অবিহনে ক'ল ইণ্ডিয়া লিমিটেডে অব্যাহত ৰাখিছিল কয়লাৰ খনন ৷ ৰাজ্যজুৰি প্ৰকৃতিপ্ৰেমীৰ ব্যাপক প্ৰতিবাদ,এফালে ক'ল ইণ্ডিয়া লিমিটেডৰ কয়লা খনন,আৰু তাৰ মাজতে দিহিং পাটকাই হস্তী অভয়াৰণ্যত কয়লা খননৰ অনুমতি প্ৰদান এই বিষয় কেইটাই ৰাজ্যৰ খবৰ গৰম কৰি থকাৰ মাজতে পোহৰলৈ আহিছে ক'ল ইণ্ডিয়া লিমিটেডে অনুমতি অবিহনে কয়লাৰ খনন কাৰ্য চলাই থকাৰ কাহিনী ৷ কিয়নো তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে 2019 বৰ্ষতে কয়লা খননৰ অনুমতি বিচাৰি যোৱা ক'ল ইণ্ডিয়া লিমিটেডে মুখ ঠেকেচা খাইছিল প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ওচৰত ৷ পৰৱৰ্তী সময়ত বন বিভাগেও বিমুখ কৰিছিল ক'ল ইণ্ডিয়া লিমিটেডক ৷ কিন্তু তাৰ মাজতো অব্যাহত আছিল কয়লাৰ খনন কাৰ্য ৷ যাৰ বাবে শেহতীয়াকৈ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হয় ৰাজ্যতে ৷

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ ক'ল ইণ্ডিয়া লিমিটিডে কয়লাৰৰ খনন সাময়িকভাৱে বন্ধ কৰাৰ বাবে জাৰি কৰিছে এখন জাননী ৷ কলকতাত থকা মহাপ্ৰবন্ধকৰ কাৰ্যালয় পৰা জাৰি হোৱা এই জাননীৰ পিছতে বিষয়টোৱে চৰ্চা লাভ কৰিছে।

কিন্তু প্ৰশ্ন হয়, ক'ল ইণ্ডিয়া লিমিটেডে অনুমতি নোহোৱাকৈ কয়লাৰ খনন কাৰ্য চলাই থকাটো সঁচা নেকি ? আনহাতে যোৱা মে মাহত নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড নামৰ সংস্থাটোৱে দিহিং পাটকাই হস্তী অভয়াৰণ্যত কয়লা খননৰ সেউজ সংকেত দিয়াৰ পিচত ক'ল ইণ্ডিয়াই প্ৰকাশ কৰিছিল খননৰ অনুমতি লাভ কৰা স্থান দিহিং পাটকাইৰ অন্তৰ্গত নহয় বুলি ৷ সমগ্ৰ বিষয়টো সম্পৰ্কত কিন্তু এখন অন্ধকাৰ প্ৰতিচ্ছবিহে দাঙি ধৰিছে ৰাইজৰ আগত ৷
ইফালে 3 জুনত ক'ল ইণ্ডিয়া লিমিটিডে প্ৰকাশ কৰা জাননী অনুসৰি কয়লা খনন বন্ধ কৰাৰ অন্যতম কাৰণ হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অনুমতি নিদিয়া ৷ তেনেহ'লে অনুমতি নোহোৱাকৈ কিয় ইমান দিনে খনন অব্যাহত ৰাখিছিল ক'ল ইণ্ডিয়াই ? 2 জুনলৈ সংস্থাটোৱে মাৰ্ঘেৰিটাৰ টিৰাপ কলিয়েৰি ব্লকৰ খনন অব্যাহত ৰাখিছিল । প্ৰশ্ন উঠিছে ক'ল ইণ্ডিয়া লিমিটেডৰ বিশ্বাসযোগ্যতাৰ ওপৰত ৷ ইফালে কয়লা খনন বন্ধ যোৱাক শংকিত হৈছে কৰ্মচাৰীসকলো ৷

আনহাতে, চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই কিছুসংখ্যক সচেতন নাগৰিকৰ চিঠিৰ ভিত্তিত এক শ্ব' মটো পি আই এল পঞ্জীয়ন কৰে। একেদৰে,ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰা মতে ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক পি আই এলৰ অভিযোগৰ বিপৰীতে প্ৰয়োজনীয় নঠিপত্ৰ জমা দিবলৈ নিৰ্দেশ দিছে। এই পি আই এল ৰ পৰবতী শুনানি অনুষ্ঠিত হ'ব অহা 20 জুলাইত । ইয়াৰ প্ৰাক মূহুৰ্তত ক'ল ইণ্ডিয়াই মাৰ্ঘেৰিটাৰ খনন হঠাতে বন্ধ কৰা কাৰ্য নিসন্দেহে লক্ষণীয় ।
লগতে চাওকঃ পান দোকান দি শিক্ষা গ্ৰহণ কৰা হীৰক জিলিকিল এইবাৰৰ মেট্ৰিকত