তেজপুৰ, 2 ফেব্ৰুৱাৰী: চাৰিদুৱাৰত বালিপৰাৰ ঢেকেৰিগাঁৱৰ পূৰ্নানন্দ চাহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাত । সোমবাৰে সন্ধিয়া প্ৰায় 7 বজাত AS-01EL-0308 নম্বৰৰ পূৰ্নানন্দ সাহাৰ Hyundai AURA বাহনখন বালিপৰাৰ পৰা চেঙেলীমৰালৈ বুলি এজন অচিনাক্ত লোকে ভাড়ালৈ নিয়াৰ পাচতে বন্ধ হৈ পৰে পূৰ্নানন্দৰ সাহাৰ ম'বাইল ৷ তাৰ পাচৰে পৰা লোকজনৰ বিচাৰ খোচাৰ কৰি আছিল যদিও কোনো সম্ভেদ পোৱা নাছিল ৷ তাৰ মাজতে মঙলবাৰে পুৱাৰ ভাগত স্থানীয় লোকে লোকজনক গুলিয়াই হত্যা কৰি পেলাই থৈ যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷
ইফালে,লগে লগে চাৰিদুৱাৰ আৰক্ষীক স্থানীয় লোকে খবৰ দিয়াত চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত শালবাৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি পূৰ্নানন্দ সাহা বুলি চিনাক্ত কৰে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে কোনো গাড়ী চুৰি চক্ৰই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে ৷ লগতে গাড়ী চুৰিৰ চক্ৰই পূৰ্নানন্দ চাহাৰ গাড়ীখন লৈ উধাও হয় বুলি সন্দেহ প্ৰকাশ কৰি তদন্ত অব্যাহত ৰাখিছে ৷