নগাঁও, 6 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সোমবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে । কেইবাটাও সংগঠনে সহযোগ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিনাচৰ্তে কৃষক নেতা অখিল গগৈ, শৃংখল চলিহাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন আন্দোলনকাৰীক মুক্তিৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োয়ে ।
শদিয়া, 6 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ হৈ থকাৰ সমান্তৰালভাবে কাকপথাৰৰ সৰুডিৰাকত প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সুমতিৰ নিমিত্তে অনুষ্ঠিত কৰে ধৰ্মীয় সভাৰ লগতে গণ সমদল ৷ সম্পূৰ্ণ ধৰ্মীয় নীতিৰে হাজাৰ হাজাৰ ভক্তই গায়নে-বায়নে সভাহ অনুষ্ঠিত কৰি সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে ৷
বটদ্ৰৱা, 6 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ নিজা গাৱঁৰ কপাহেৰাত খিলঞ্জীয়া মঞ্চৰ গণ হুংকাৰ কাৰ্যসূচী । আঙুৰলতা ডেকাৰ ঘৰত ভোজ ভাত খোৱাসকলক এঘৰীয়া কৰিব লাগে বুলি প্ৰতিবাদ ৷ বিজেপিৰ পৰা টকা লোৱাসকল শ্বহীদৰ তেজ খোৱা বুলি মন্তব্য কৰে গণশিল্পী সূৰ্য্য দাসে । সভাত উপস্থিত থাকে বুদ্ধিজীৱী হাইদৰ হুছেইন, অধিবক্তা নেকিবুৰ জামান, সাংবাদিক মঞ্জিত মহন্ত আৰু শিল্পী ভিতালী দাসৰ লগতে বহুকেইজন বিশিষ্ঠ ব্যক্তি ।