ETV Bharat / state

ক’ভিড নীতি ভংগ কৰি আধাৰ কাৰ্ড বিচাৰি ৰাইজৰ ভিৰ

author img

By

Published : Sep 9, 2020, 2:05 PM IST

ৰাজ্যত এফালে কৰ’ণাৰ আতংক, আনফালে পি এম ৱাই গৃহৰ বাবে আধাৰ কাৰ্ড বিচাৰি ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয়ত হাজাৰ হাজাৰ লোকৰ সমাগম ৷

ক’ভিড নীতি ভংগ কৰি আধাৰ কাৰ্ড বিচাৰি ৰাইজৰ ভিৰ
ক’ভিড নীতি ভংগ কৰি আধাৰ কাৰ্ড বিচাৰি ৰাইজৰ ভিৰ

শদিয়া, ছেপ্টেম্বৰ 9 : ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ আতংক ৷ ইয়াৰ সমান্তৰালকৈ চৰকাৰে ঘোষণা কৰিছে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৷ শেহতীয়াকৈ এই আঁচনি সমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাই জ্বলাকলা খুৱাইছে সাধাৰণ দৰিদ্ৰ জনতাক ৷ শ শ দৰিদ্ৰ ৰাইজে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আধাৰ কাৰ্ড প্ৰয়োজন হোৱাত অসমৰ বিভিন্ন ঠাইত ৰাইজৰ লানি নিছিগা সোঁত বৈছে ৷

দুই, তিনিদিনে আহি হোৱা নাই আধাৰ কাৰ্ডৰ কাম ৷ পুৱাৰে পৰাই ভিৰ কৰিছেহি বিভিন্ন কাৰ্যালয়ত ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গ’ল এক মেলা সদৃশ পৰিবেশ । কাৰ্যালয়তে ৰাতিপুৱা চাহ খাই আধাৰ কাৰ্ডৰ বাবে ভিৰ কৰিছে শ শ, হাজাৰ হাজাৰ লোকে ৷ নাই কোনা মাস্ক, নাই সামাজিক দূৰত্ব ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যি সময়ত চৰকাৰে ক’ৰণা ৰোধৰ বাবে কঠোৰতম ক’ভিড প্ৰট’কল জাৰী কৰিছে, তেনে সময়ত এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত ক’ভিড প্ৰট’কল সম্পূৰ্ণকৈ ভংগ কৰি হাজাৰ হাজাৰ ৰাইজে কণ কণ শিশুক লগত লৈ আধাৰ কাৰ্ডৰ বাবে ভিৰ কৰাটো এক চিন্তনীয় বিষয় ৷

কাৰ্যালয় চৌহদত মাত্ৰ এটা আধাৰ কাৰ্ড উলিওৱা কেন্দ্ৰ থকাত দৈনিক প্ৰায় ৫০ জন মান লোকক আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে যদিও দৈনিক অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে আধাৰ কাৰ্ডৰ বাবে অহা ৰাইজক বাৰম্বাৰ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাবলৈ কোৱাৰ পাচতো ৰাইজে কোনো ধৰণৰ সহাৰি নিদিয়া পৰিলক্ষিত হয় ।

তদুপৰি বাঘজান অগ্নিকাণ্ডৰ লগতে বানপানী আৰু কৰ’ণাৰ দৰে বৰ্তমান অন্য সকলো পৰিস্থিতিত জৰুৰীকালীন সেৱা আগবঢ়াই থকা এই কাৰ্যালয়ত আকৌ আধাৰ কাৰ্ডৰ ভিৰৰ বাবে এতিয়া আতংকত ভুগিছে কৰ্মচাৰী সকল । প্ৰশাসনৰ অন্তৰ্গত এটা প্ৰশাসনিক কাৰ্যালয়ত ইমান মুকলি কৈ ক’ভিডৰ নিয়মাৱলী ভংগ হৈ উঠা পাচতো কিয় কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই সেয়াই এতিয়া চকু কপালত তুলিছে স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.