ETV Bharat / state

এটা কুকুৰৰ বাবে যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ !

author img

By

Published : Dec 8, 2019, 1:12 PM IST

এটা পোহনীয়া কুকুৰ পোৱালি মৃত্যুমুখত পৰাৰ বাবে সুনীল মজুমদাৰ নামৰ যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ বৰডুমচা আৰক্ষী থানাৰ তিনি কণিষ্টবলৰ ৷ যুৱকজনৰ প্ৰতি ন্যায়ৰ দাবী স্থানীয় যুৱক-যুৱতীৰ ৷

bordumsha-police-attack-public
বৰডুমচা আৰক্ষী থানাত সংঘটিত হয় এক অমানৱীয় ঘটনা

শদিয়া,8ডিচেম্বৰ : শনিবাৰে অসম অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী বৰডুমচা আৰক্ষী থানাত সংঘটিত হয় এক অমানৱীয় ঘটনা ৷ মাধৱপুৰৰ সুনীল মজুমদাৰ নামৰ লোক এজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ বৰডুমচা থানাৰ তিনি জনকৈ আৰক্ষী জোৱানৰ ৷ এটা পোহনীয়া কুকুৰ পোৱালি চাৰিচকীয়া বাহনৰ তলত সোমাই মৃত্যুমুখত পৰাৰ বাবেই এইদৰেই প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে সুনীলে ৷ অভিযোগ মতে থানাখনৰ প্ৰভাৰী লাৰ্নীছ পেগুৰ সন্মুখতেই সংঘটিত হয় ঘটনাটো।

ঘটনা অনুসৰি,আজি পুৱাৰ ভাগত সুনীল মজুমদাৰে নিজ বাহনখনেৰে বৰডুমচা থানাৰ সন্মুখেৰে গৈ আছিল ৷ তেনে সময়তে থানাখনৰ আৰক্ষী অধিক্ষকৰ এটা পোহনীয়া কুকুৰ পোৱালি বাহনখনৰ তলত সোমাই মৃত্যু হয় ৷ ৰাজপথত গাড়ীৰ খুন্দাত কুকুৰ পোৱালিটো মৃত্যু হোৱাৰ পাছতেই বৰডুমছা আৰক্ষী থানাৰ তিনি কণিষ্টবলে সুনীলক থানালৈ চোঁ‌চৰাই নি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷ আঘাতপ্ৰাপ্ত সুনীলে আৰক্ষীক প্ৰতিবাৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে যুৱকজনৰ কোনো কথা নুশুনি কেৱল মাৰ-ধৰ কৰে বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যুৱকজনে ৷

এটা কুকুৰৰ বাবে গুৰুলা-গুৰুলকৈ প্ৰহাৰ যুৱকক!

অন্য এক খবৰৰ বাবে: দিল্লীৰ ৰাণী ঝান্সীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 43 জন

ইফালে, এই ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷ যাৰ বাবে দেওবাৰে সন্ধিয়া স্থানীয় যুৱক-যুৱতিয়ে বৰডুমচা থানাত উপস্থিত হৈ ন্যায় বিচাৰৰ বাবে দাবী জনায় ৷

অন্য এক খবৰৰ বাবে : " শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে

Intro:বৰডুমচা থানাত আজৱ ঘটনা
এটা কুকুৰৰ বাবেই গুৰুলাগুৰুলকৈ পিটিলে যুৱকক

শদিয়া : অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্ত্তী বৰডুমচা আৰক্ষী থানাত আজি এক অমানৱীয় ঘটনা সংঘটিত হয়। অভিযোগ মতে বৰডুমচা- মাধৱপুৰ নিৱাসী সুনীল মজুমদাৰ (৩৭) নামৰ এজন লোকক এক সাধাৰণ ঘটনাতে বৰডুমচা থানাৰ তিনি জনকৈ আৰক্ষী জোৱানে থানাৰ ভিতৰত গুৰুলাগুৰুলকৈ মাৰ ধৰ কৰে। অভিযোগ মতে থানাখনৰ প্ৰভাৰী লাৰ্নীছ পেগুৰ সন্মুখতেই সংঘটিত হয় ঘটনাটো। জানিব পৰা মতে আজি দিনৰ ভাগত বৰডুমচাৰ নিৱাসী সুনীল মজুমদাৰে নিজৰ বাহন খন (ৰিণল্ট কুইড)লৈ থানাৰ সমুখেদি আহি থাকোতে থানাখনৰ অ' চিৰ পোহনীয়া কুকুৰ পোৱালিটো গাড়ীখনৰ তলত সোমাই পৰাত গাড়ীৰ চেপাত থিতাতে মৃত্যু মুখত পৰে। ৰাজপথত গাড়ীৰ খুন্দাত কুকুৰ পোৱালিটো মৃত্যু হোৱাৰ পাছতেই বৰডুমছা আৰক্ষী থানাৰ তিনি কণিষ্টবলে সুনীলক থানালৈ চোঁ‌চৰাই নি খোদ আৰক্ষী বিষয়াৰ সন্মুখতে গুৰুলাগুৰুলকৈ মাৰ ধৰ কৰাত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। যুৱকজনৰ সৰ্বশৰীৰত আঘাতৰ চিন বিদ্যমান। ৰাজপথত হোৱা এক সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি এজন ব্যক্তিক এনেধৰণে মাৰপিট কৰাত সহজ ভাৱে লব পৰা নাই স্থানীয় লোকে। আজি সন্ধিয়ালৈ স্থানীয় যুৱক-যুৱতী আৰু মহিলাই থানাত উপস্থিত হৈ ন্যায় বিচাৰৰ দাবী জনায়।Body:Byte : সুনিল মজুমদাৰ, প্ৰৰ্হীত যুৱক ৷ Conclusion:Mintu Talukdar
Sadiya

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.