ETV Bharat / state

অচিৰেই নিৰ্বাপনৰ দিশে বাঘজানৰ জুই, দুঠাইৰে গেছ নিৰ্গমনৰ ব্যৱস্থা

বাঘজানৰ জুই নুমুৱাবলৈ নতুন কৌশল অইল কৰ্তৃপক্ষৰ ৷ তিনি হাজাৰ ফুট তলত গেছ নিৰ্গত হৈ থকা পাইপ ডালৰ মূৰত কেপিং কৰাত সক্ষম অইল কৰ্তৃপক্ষ ৷ খাদৰ পৰা নিৰ্গত জুইক বিভক্ত ৷ নতুন কৌশলৰ জড়িয়তে দুকুৰা জুইৰে নিৰ্গত গেছ ৷ অতি সোনকালে জুই নিৰ্বাপন হ'ব বুলি আশা প্ৰকাশ ৷

বাঘজানত দ্বিতীয়কুৰা জুই
বাঘজানত দ্বিতীয়কুৰা জুই
author img

By

Published : Sep 7, 2020, 5:06 PM IST

Updated : Sep 7, 2020, 7:24 PM IST

তিনিচুকীয়া, 7চেপ্তেম্বৰ : অৱশেষত 104 দিনে নিৰন্তৰ জ্বলি থকা বাঘজান বিজিআৰ 5 নং তেল খাদৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হ’ল অইল কৰ্তৃপক্ষ ৷ অইল কৰ্তৃপক্ষৰ দাবী বিদেশী বিশেষজ্ঞ দলৰ আপ্ৰাণ চেষ্টাত সোমবাৰে বাঘজানৰ পাঁচ নং খাঁদৰ প্ৰায় তিনি হাজাৰ ফুট তলত গেছ নিৰ্গত হৈ থকা পাইপ ডালৰ মূৰত কেপিং কৰিবলৈ তেওঁলোক সক্ষম হৈছে ৷ কেৱল বাঘজানবাসীৰে নহয়,সমগ্ৰ অসমবাসীৰে এতিয়া মাত্ৰ এটাই আশা-সোনকালে নিৰ্বাপিত হওঁক বাঘজানৰ জুই,ওৰ পৰক সকলো দুঃচিন্তাৰ ৷ অইল খাদত জ্বলি থকা জুইকুৰাৰ সমান্তৰালকৈ বাঘজানবাসীৰ মনত নিৰন্তৰ জ্বলি থকা দুঃচিন্তাৰ জুইকুৰা নুমুৱাবলৈ এইবাৰ নতুন কৌশল অইল কৰ্তৃপক্ষৰ ৷ অচিৰেই বাঘজানবাসীৰ বাবে আহিব পাৰে এক সুখবৰ ৷

বহুকেইটা অসফল প্ৰচেষ্টাৰ পাছত কানাডাৰ বিশেষজ্ঞৰ দলৰ সহযোগত গেছ নিৰ্গমন বন্ধ কৰিবলৈ এইবাৰ অন্য এক পন্থা ৷ ইতিমধ্যে খাদটোৰ পৰা অহৰহ নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছক বিভক্ত কৰি তেলকূপৰ পৰা গেছ আঁতৰাই লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ লগে লগে এতিয়া দুকুৰা জুইৰে নিৰ্গত হ'ব গেছ ৷ খবৰ অনুসৰি গেছ নিৰ্গমনক দুটা ভাগত বিভক্ত কৰি দিয়াৰ ফলত গেছৰ চাপ কিছু পৰিমানে হ্ৰাস পাব ৷ এই কৌশলৰ জড়িয়তে অতি সোনকালে গেছৰ নিৰ্গমন বন্ধ হ'ব বুলি আশা প্ৰকাশ হৈছে ৷

উল্লেখযোগ্য যে, বিগত 27 মে’ত অইলৰ বাঘজানস্থিত বিজিআৰ 5 নং তৈল খাদত সংঘটিত গেছ নির্গমন আৰু তাৰ পাছতে হোৱা 9 জুনৰ অগ্নিকাণ্ডৰ ঘটনাই শতাধিক লোকক সৰ্বস্বান্ত কৰি তুলিছিল ৷ 8 জুনত বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমন ৰোধৰ বাবে নিয়োজিত হৈছিল ছিংগাপুৰৰ বিশেষজ্ঞৰ দলটো৷ চেষ্টা অব্যাহত ৰাখিছিল গেছ নিৰ্গত হৈ থকা স্থানত নতুনকৈ কেপিং কৰি গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ৷ কিন্তু দুৰ্ভাগ্যবশতঃ ভাবে বিশেষজ্ঞৰ দলটোৱে তেল আৰু গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় তৈলখাঁদটোত৷ আৰু লগে লগে অগ্নিকাণ্ডৰ সুত্ৰপাত হয় অইলৰ পাঁচ নং তৈল খাঁদত৷ লগে লগে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে৷ ফলত অঞ্চলটোৰ প্ৰায় শতাধিক আৱাসগৃহ জুইত ভস্মীভূত হোৱাৰ লগতে জুইত জাহ গ’ল বিস্তীৰ্ণ কৃষি ভূমি অঞ্চল৷ জীৱন্তে অগ্নিদগ্ধ হৈ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰাণ গ’ল ভালেসংখ্যক জীৱকূলৰ৷

ইয়াৰ পাছতে বিদেশী বিশেষজ্ঞৰ এটা দলে বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে 31 জুলাইত অগ্নি নিৰ্বাপনৰ বাবে বিঅ’পি স্থাপনৰ বাবে চলোৱা প্ৰথম প্ৰচেষ্টা বিফল হয় যদিও পুনৰ 10 আগষ্টত বিঅ’পি স্থাপনৰ চেষ্ঠা চলায় ৷ দ্বিতীয় প্ৰচেষ্টাত বিঅ’পি সুকলমে স্থাপন কৰিবলৈ সক্ষম হৈছিল যদিও এথে ৱেগনৰ লগত সংযুক্ত দুটা বুল লাইনৰ এটা মাত্ৰাধিক উত্তাপৰ বাবে ছকেটৰ পৰা বাহিৰলৈ ওলাই অহাত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বিঅ’পি আঁতৰাই অনা হৈছিল ৷ অৱশেষত 17 আগষ্টত সফলতাৰে বিঅ’পি ষ্টেক স্থাপন কৰাৰ লগতে 16 টাকৈ ষ্টাড লগাবলৈ বিশেষজ্ঞৰ দল সক্ষম হয় ৷

শেহতীয়াকৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰা মন্তব্য অনুসৰি কানাডাৰ বিশেষজ্ঞৰ দলৰ সহযোগত বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা হ'ব ৷ বৰ্তমান গেছৰ প্ৰকোপ কমোৱাৰ বাবে তেলকূপৰ পৰা গেছ আঁতৰাই লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ।

গেছ নিৰ্গত হৈ থকা পাইপ ডালৰ মূৰত কেপিং কৰাত সক্ষম অইল কৰ্তৃপক্ষ

প্ৰণিধানযোগ্য যে বাঘজানৰ এই দুৰ্যোগৰ ফলত প্ৰত্যক্ষ ভাবে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় দহ হাজাৰ অধিক লোক। এই সময়ছোৱাত ন হাজাৰ লোকক স্থানীয় ভাবে আশ্ৰয় শিবিৰত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে অইল কতৃপক্ষই কেইবাটাও পৰিয়াললৈ বিশ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিছে। এই দুৰ্যোগ সন্দৰ্ভত প্ৰাকৃতিক তথা জৈব বৈচিত্ৰ কিমান ক্ষতি হল সেই সন্দৰ্ভত আই আই টি - গুৱাহাটী, মেচাৰ্চ টেৰে, মেচাৰ্চ ই আৰ এম, তথা চি এছ আই আৰ - এন ই আই এছ টি প্ৰমুখ্যে কেইবাটাও সংস্থাই অধ্যয়ন চলাই আছে যদিও চুড়ান্ত প্ৰতিবেদন কোনোৱে প্ৰকাশ কৰা নাই। আনহাতে, এই অপ্ৰত্যাশিত ঘটনাৰ বাবে যোৱা আগষ্ট মাহৰ শেষ সপ্তাহ পৰ্যন্ত অইল কৰ্তৃপক্ষই 30 677 মেট্ৰিক টন খাৰুৱা তেল আৰু 72.21 মিলিয়ন মেট্ৰিক টন ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ হেৰুৱাব লগা হৈছে। উল্লেখ্য যে অইল কৰ্তৃপক্ষই আজি বাঘজানৰ এই জুই এক পদ্ধতিৰে নুমুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে যদিও স্থানীয় ৰাইজে এই কথা মানি লোৱা নাই । কাৰন মূল খাদৰ জুই নুমুৱাবলৈ গৈ অইলে আন দুই ঠাইৰে গেছ নিৰ্গমন কৰাবলৈ বাধ্য হৈছে। এতিয়া ইয়াৰ ফলত ৰাইজে কি সমস্যাৰ সন্মুখীন হয় সেয়া সময় হে কব।

লগতে পঢ়ক: নিৰ্মাণৰত অৱস্থাতে ছিগিল মথাউৰিঃ আতংকিত

Last Updated : Sep 7, 2020, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.