ETV Bharat / state

Suman Maran selected Dance Bangla Dance : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কাকপথাৰৰ সুমন মৰাণ - ডাঞ্চ বাংলা ডাঞ্চত উজলিল কাকপথাৰৰ সুমন

নৃত্যৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ এটি কিশোৰে । নাম সুমন মৰাণ । Zee Bangla ৰ দ্বাৰা সম্প্ৰচাৰিত “ডাঞ্চ বাংলা ডাঞ্চ”ৰ জুনিয়ৰ শাখাৰ শীৰ্ষ দহত স্থান পাইছে কাকপথাৰৰ টঙনা গাঁৱৰ কিশোৰটিয়ে (Assam boy Suman Maran selected Dance Bangla Dance) ৷ কিশোৰটিৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছে সমগ্ৰ অসমবাসীয়ে ৷

Suman Maran selected Dance Bangla Dance
ডাঞ্চ বাংলা ডাঞ্চত উজলিল কাকপথাৰৰ সুমন
author img

By

Published : Mar 10, 2023, 10:30 PM IST

ডাঞ্চ বাংলা ডাঞ্চত উজলিল কাকপথাৰৰ সুমন

তিনিচুকীয়া, ১০ মাৰ্চ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটি কণমানিৰ নৃত্যই মুগ্ধ কৰি তুলিছে সমগ্ৰ ভাৰতবাসীক । কাকপথাৰৰ অতি ভিতৰুৱা এখন গাঁও টঙনা গাঁৱৰ ৰাজেন মৰাণ আৰু স্বৰ্ণালী মৰাণৰ ১০ বছৰীয়া সন্তান সুমন মৰাণে পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হৈ থকা Zee Bangla ৰ “ডাঞ্চ বাংলা ডাঞ্চ”ৰ জুনিয়ৰ শাখাত নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে শীৰ্ষ দহটা স্থানত উপনীত হ’বলৈ সক্ষম হৈছে (Assam boy Suman Maran selected Dance Bangla Dance)।

শীৰ্ষ দহত উপনীত হোৱাত পিতৃ-মাতৃ, পৰিয়াল বৰ্গ, গাঁৱবাসীৰ লগতে সুমন মৰাণৰ প্ৰশিক্ষকগৰাকীও এই বাতৰি লাভ কৰি অতি আনন্দিত হৈ পৰিছে । ৭ বছৰ বয়সৰ পৰাই নৃত্য চৰ্চা কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে কেনেদৰে সংগ্ৰাম কৰিব লগা হৈছে, সংবাদ মাধ্যমৰ আগত তাকো ব্যক্ত কৰিলে সুমন মৰাণৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক প্ৰদীপ ভূজেলে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সুমন মৰাণে কালাৰচ্‌ টি ভি ৰ সম্প্ৰচাৰিত ডাঞ্চৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবসত আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ’ব লগা হৈছিল সুমন মৰাণ । কিন্তু এইবাৰ যেন সকলোধৰণৰ বাধাক নেওচি শীৰ্ষ দহত উপনীত হ’বলৈ সক্ষম হ’ল সুমন মৰাণ (Suman Maran selected Dance Bangla Dance)৷

ডাঞ্চ বাংলা ডাঞ্চ প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত থকা ডাঞ্চৰ মহান তাৰকাসকলৰ লগতে বলীউডৰ অতি জনপ্ৰিয় অভিনেতা, ডাঞ্চাৰ মিথুন চক্ৰৱৰ্তীৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বুটলিবলৈ সক্ষম হোৱাৰ লগতে মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে কণমানি সুমণ মৰাণে ।

Zee ৰ দৰে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলৰ Zee Bangla ৰ দ্বাৰা সম্প্ৰচাৰিত “ডাঞ্চ বাংলা ডাঞ্চ”ত বিজয়ী হৈ আহিবলৈ অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে সুমন মৰাণৰ লগতে পিতৃ মাতৃ আৰু সুমনৰ প্ৰশিক্ষকগৰাকীয়ে । সুমন মৰাণৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এতিয়া কাকপথাৰৰ লগতে তিনিচুকীয়াবাসীয়েও জনাইছে অলেখ শুভেচ্ছা ৷

লগতে পঢ়ক : Anupam Kher : ৪৫ বছৰীয়া বন্ধুত্ব হেৰুৱাই শোকত ভাঙি পৰিল অনুপম খেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.