তিনিচুকীয়া, ১২ এপ্ৰিল : তিনিচুকীাত আটক APLAৰ (Adivasi People's Liberation Army) সদস্য । ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ ৰূপাই বেটেলিয়ান আৰু বৰডুমচা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত আটক হয় সদস্য গৰাকী ।
![apla cadre arrested by rupai betelian](https://etvbharatimages.akamaized.net/etvbharat/prod-images/aplacadrearrestedas10027_12042022125039_1204f_1649748039_705.jpg)
ডাঙৰীয়া চাৰিআলিত চলোৱা অভিযানত আটক কৰা APLA ৰ সদস্যগৰাকী কাৰ্বি আংলঙৰ ৩২ বছৰীয়া বাবলু ভূঞা বুলি জানিব পৰা গৈছে (APLA leader arrest in Tinsukia)। আটকাধীন বাবলুৰ পৰা সেনা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে আমেৰিকাত নিৰ্মিত এটা 9MM পিষ্টল, এটা মেগজিন আৰু পাঁচ ৰাউণ্ড সজীৱ গুলী ।
![apla cadre arrested by rupai betelian](https://etvbharatimages.akamaized.net/etvbharat/prod-images/aplacadrearrestedas10027_12042022125039_1204f_1649748039_454.jpg)
দীৰ্ঘদিনে বাবলুৰ সন্ধানত অভিযান অব্য়াহত ৰাখিছিল দলটোৱে । APLA সদস্য বাবলু ভূঞাক অধিক তথ্যৰ বাবে সেনা আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।