ETV Bharat / state

Assam Indigenous People: অসম চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া বিৰোধী নীতি লোৱাৰ বিস্ফোৰক অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:03 PM IST

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘৰ বিস্ফোৰক অভিযোগ ৷ খিলঞ্জীয়া বিৰোধী নীতি লৈছে অসম চৰকাৰে ৷ কণা হাঁহক পতান দিয়াৰ দৰে চৰকাৰে অসমৰ খিলঞ্জীয়ালোকক পতান দি আছে বুলি মন্তব্য মহাসংঘৰ ৷

Assam Indigenous People
হিমন্ত চৰকাৰে খিলঞ্জীয়া বিৰোধী নীতি লোৱাৰ বিস্ফোৰক অভিযোগ মহাসংঘৰ
অসম চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া বিৰোধী নীতি লোৱাৰ বিস্ফোৰক অভিযোগ

তিনিচুকীয়া, 14 ছেপ্টেম্বৰ: বুধবাৰে ডুমডুমা প্ৰেছ ক্লাবত অসম সন্মিলিত মহাসংঘৰ এক সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদ মেল সম্বোধন কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, সোনোৱাল কছাৰী জাতীয় পৰিষদৰ উপদেষ্টা শান্তনু দাস বৰহাজোৱালে ৷ সংবাদমেলত হিমন্ত চৰকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান ৷ বিশেষকৈ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ সন্দৰ্ভত অসম চৰকাৰৰ স্থিতিক সমালোচনা কৰে ৷

তেওঁ কয়, ‘‘অসম চৰকাৰে অতি কৌশলেৰে কণা হাঁহক পতান দিয়াৰ দৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (Indigenous & Tribal Faith and Culture Department) এটা গঠন কৰা হৈছে ৷ সাধাৰণ এটা বিভাগে কেনেকৈ খিলঞ্জীয়াৰ সুৰক্ষা কৰিব ! বৰঞ্চ সৰ্বোচ্চ ন্যায়ালয়ত খিলঞ্জীয়াৰ সুৰক্ষাৰ গোচৰ চলি থকা সময়তে বসুন্ধৰা আচঁনিৰ নামত অ-খিলঞ্জীয়া, বিদেশী লোকক মাটি আৱন্টন দি আছে । সৰ্বোচ্চ ন্যায়লয়ত মহাসংঘৰ গোচৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ বিৰুদ্ধে অসম চৰকাৰে শপতনামা দি থৈছে । এনে ক্ষেত্ৰত বিজেপি-অগপৰ যৌথ চৰকাৰ নিশ্চিতভাবে খিলঞ্জীয়া বিৰোধী চৰকাৰ বুলি পৰিগণিত হৈছে ।’’

‘‘এই চনদৰ সপক্ষে পৃথিৱীৰ 143 খন দেশৰ সৈতে ভাৰত চৰকাৰে সন্মতি জনাই 2007 চনৰ 13 ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত ভোট দান কৰি দায়বদ্ধ হৈ আছে । পৃথিৱীৰ বিভিন্ন দেশত এই চনদৰ ভিত্তিত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম চলি থকা সময়ত অসমত ইয়াৰ বিপৰীতে কাম চলি আছে । আজি চনদ ঘোষণা কৰা 16 বছৰ পূৰ্ণ হ’ল ৷ কিন্তু চনদ কাৰ্যকৰী নকৰা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চনদ কাৰ্যকৰী কৰি খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মহাসংঘই । 2007 চনৰ পিচত খিলঞ্জীয়ালোকৰ আগতীয়া অনুমতি বা সন্মতি নোহোৱাকৈ খিলঞ্জীয়া বিষয়ত চৰকাৰে কোনো কাম কৰিব নোৱাৰে অথচ অসমত ইয়াৰ বিপৰীত কাৰ্য চলি আছে ৷’’ এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ।

এই সংবাদ মেলত ৰহমানৰ সৈতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ উপদেষ্টা শান্তনু দাস বৰহাজোৱাল, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি জগন্নাথ সোণোৱাল, অসম মৰাণ সভাৰ প্ৰাক্তন উপ-সভাপতি অজিত মৰাণ, চুতীয়া জাতি সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি বেদ বৰা উপস্থিত আছিল ।

লগতে পঢ়ক:Planting of Trees in Tinsukia: 4 লাখ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.