শদিয়া, 5 ফেব্ৰুৱাৰী : প্ৰেট্ৰলজাত সামগ্ৰী লগতে অত্যাৱশ্যকীয় সামগ্ৰী মুল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত কাকপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মীসকলে ৷
উক্ত প্ৰতিবাদত অৰ্ধশতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰি কাকপথাৰ থানা চাৰিআলিৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিবাদ সাব্যস্তৰে যান-বাহনৰ চলাল কিছু সময়ৰ বাবে স্তব্ধ কৰি ৰাখে ৷
উল্লেখ্য যে, অত্যাৱশ্যকীয় সামগ্ৰী মুল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শুকুৰবাৰে সমগ্ৰ অসম জুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক: শনিবাৰে ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গুৱাহাটীমূখী যোৰহাটৰ 12 শ চাহ শ্ৰমিক