ETV Bharat / state

Self reliant with farming: সশস্ত্ৰ বিপ্লৱ এৰি কৃষি বিপ্লৱেৰে জগত জয়ৰ সপোন যাদৱ চেতিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:13 AM IST

এসময়ত হাতত অস্ত্ৰ লৈ থকা যাদৱ চেতিয়া আজি সফল খেতিয়ক । সশস্ত্ৰ সংগ্ৰামৰ পৰা কেনেকৈ স্ব-নিৰ্ভৰশীল হোৱাৰ সপোন দেখিলে যাদৱে ? খেতিয়ক যাদৱ চেতিয়াৰ সৈতে সাক্ষাৎকাৰ ৷

Self reliant with farming
যাদৱ চেতিয়া আজি সফল খেতিয়ক
যাদৱ চেতিয়া আজি সফল খেতিয়ক

তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ: এসময়ত বিদ্ৰোহী সংগঠনত যোগদান কৰি হাতত অস্ত্ৰ লৈ থকা যাদৱ চেতিয়া আজি সফল খেতিয়ক । সশস্ত্ৰ সংগ্ৰামৰ পৰা কেনেকৈ স্ব- নিৰ্ভৰশীল হোৱাৰ সপোন দেখিলে যাদৱে ? আমি আজি ক’ব বিচাৰিছো এসময়ৰ আলফাৰ সদস্য যাদৱ চেতিয়াৰ কথা । আলফাত যোগ দি হাতত অস্ত্ৰ লৈ স্বাধীন অসম বিচাৰি কৰিছিল তেওঁ সশস্ত্ৰ সংগ্ৰাম । কাৰাগাৰলৈ গৈছিল সেনা আৰক্ষীৰ ওচৰত ধৰা দি কেইবাবাৰো ।

এবাৰ নামচাইত আৰু এবাৰ ডিব্ৰুগড় আটক হৈ কাৰাগাৰত থাকিব লগা হৈছিল তেওঁ । কিন্তু সশস্ত্ৰ সংগ্ৰাম কৰা মানুহজনে কাৰাগাৰত থকাৰ সময়তে নিজৰ আন্দোলনৰ পথ সলনি কৰাৰ সপোন দেখিলে । সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱ কৰিব তেওঁ । কথা মতেই কাম ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ গ’ল তিনিচুকীয়াৰ পানীতোলাৰ ঘৰখনলৈ আৰু আৰম্ভ কৰিলে এক নতুন সংগ্ৰাম ।

প্ৰথমতে তেওঁ চিনাকী হ’ল চাবুৱা, তিনিচুকীয়াৰ কেইবাজনো সফল খেতিয়কৰ লগত । তেওঁলোকৰ পৰা পৰামৰ্শ ল’লে কৃষি, মৎস্য আদি উৎপাদনৰ কৌশল । ইয়াৰ পিচত ২০১০ চনত এবাৰ যি আৰম্ভ কৰিলে আৰু পিচলৈ ঘূৰি নাচালে তেওঁ । আৰম্ভ কৰিলে সমন্বিত কৃষি পদ্ধতিৰে কৃষি কাৰ্য ।

নিজৰ বাৰীতে কৰিবলৈ ধৰিলে ধানকে ধৰি অন্য বহু খেতি । সফল হ’ল তেওঁ খেতিৰ জৰিয়তে । লাহে লাহে সপোন দেখিলে ফাৰ্মিং কৰাৰ । মৎস্য উৎপাদন, গাহৰী, কুকুৰা পালন আৰম্ভ কৰিলে যাদৱে । মৎস্য পালনৰ বাবে বাৰীতে খান্দিলে পুখুৰী । এই সকলোবোৰৰ লগত সংগ্ৰাম কৰি যাদৱ হৈ পৰিল এতিয়া এজন সফল খেতিয়ক ।

লগতে পঢ়ক : Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

সমন্বিত কৃষি পদ্ধতিৰে নিজে স্বাৱলম্বন হোৱাৰ ওপৰিও অন্য দহ জনতকৈও অধিক ব্যক্তিক দিছে যাদৱ চেতিয়াই স্ব-নিয়োজনৰ পথ । নিজৰ ঘৰৰ বাৰীতে সমন্বিত কৃষি পদ্ধতিৰে ধান খেতি, মীন পালন, গাহৰি পালন, হাঁহ, ব্ৰইলাৰ মুৰ্গী পালন কৰি বছৰি ৫ লাখ টকাতকৈও অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যাদৱ চেতিয়াই ।

তেওঁৰ খেতি, ফাৰ্মিঙৰ পৰা লাহে লাহে সম্প্ৰসাৰণ হৈছে, ব্যৱসায়ীকভাৱেও সফল হৈছে । বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । সেই হেতুকে উৎপাদন বৃদ্ধি কৰিবলৈ তেওঁ নিয়োজিত কৰিছে কেইবাজনো থলুৱা যুৱকক । কেৱল নিজেই আত্মনিৰ্ভৰশীল হোৱাই নহয়, আন বহুজনকো স্ব- নিৰ্ভাৰশীলতাৰ বাট দেখুৱাইছে তেওঁ ।

যাদৱে কেৱল যে, ফাৰ্মিঙে কৰে তেনে নহয়, মাংস কটা কামো নিজেই কৰে তেওঁ । তিনিচুকীয়াত নিজেই কাটে ব্ৰইলাৰ মাংস । এইগৰাকী সশস্ত্ৰ সংগ্ৰামী তথা বৰ্তমানৰ সফল কৃষক যাদৱ এতিয়া চৰ্চাত । নিৰবিছিন্নভাৱে সামাজিক কৰ্মৰ সৈতেও জড়িত তেওঁ । ২০২২ বৰ্ষত মীন পালনৰ বাবে ৰাজ্যিক বটাও পাবলৈ সক্ষম হৈছিল ।

যাদৱে বুজালে এটা জাতিৰ বাবে অৰ্থনৈতিক সংগ্ৰাম অতিকৈ গুৰুত্বপূৰ্ণ । যি সংগ্ৰাম অসমৰ দৰে ৰাজ্যত আৰম্ভ হয় প্ৰথমতে কৃষিৰ জৰিয়তে ৷ গতিকে ৰাজপথ অথবা সশস্ত্ৰ আন্দোলনৰ জৰিয়তে সকলো সম্ভৱ নহয় ইয়াৰ কাৰণে কৃষি বিপ্লৱৰো প্ৰয়োজন বুলি উল্লেখ কৰে যাদৱ চেতিয়াই । এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিবলৈ লৈছে যাদৱ চেতিয়াক ৷

লগতে পঢ়ক : Indigenous banana tree industry : জাৰ্মানী, আমেৰিকা, কানাডাত সমাদৰ অসমৰ কলগছৰ আহ, মেটেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.