ETV Bharat / state

ডুমডুমাত স্থাপন হ’বলগীয়া মডেল কলেজৰ নামকৰণক লৈ উত্তেজনা - ডুমডুমা মডেল কলেজ

অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিগত কেইবাবছৰৰ পৰা কৰি অহা অহৰহ আন্দোলনৰ ফলশ্ৰুতিত চৰকাৰে ডুমডুমাত এখন "আদৰ্শ মহাবিদ্যালয়" স্থপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু প্ৰথমাৱস্থাত কলেজ খন "মডেল কলেজ" বুলিহে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত "বীৰ ৰাঘৱ মৰাণ মডেল কলেজ" নামেৰে নামকৰণ কৰাত আটছা ডুমডুমা শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

DOOMDOOMA
DOOMDOOMA
author img

By

Published : Oct 7, 2020, 10:06 PM IST

ডুমডুমা, 7 অক্টোবৰ : চাহ নগৰী ডুমডুমাত নতুনকৈ স্থাপন কৰিবলৈ লোৱা মডেল কলেজখনৰ নামকৰণক লৈ ডুমডুমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে । উল্লেখ্য যে,অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিগত কেইবাবছৰৰ পৰা কৰি অহা অহৰহ আন্দোলনৰ ফলশ্ৰুতিত চৰকাৰে ডুমডুমাত এখন "আদৰ্শ মহাবিদ্যালয়" স্থপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু প্ৰথমাৱস্থাত কলেজ খন "মডেল কলেজ" বুলিহে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত "বীৰ ৰাঘৱ মৰাণ মডেল কলেজ" নামেৰে নামকৰণ কৰাত আটছা ডুমডুমা শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

DOOMDOOMA
ডুমডুমাত স্থাপন হ’বলগীয়া মডেল কলেজৰ নামকৰণক লৈ উত্তেজনা

কলেজখন যদি কাৰোবাৰ নামেৰে নামকৰণ কৰা হয় তেন্তে ডুমডুমা কলেজৰ প্ৰতিষ্ঠাতা তথা ডুমডুমাৰ প্ৰাক্তন বিধায়ক,শ্ৰমিক নেতা মলিয়া তাঁতীৰ নামত হ’ব লাগে অন্যথা "ডুমডুমা মডেল কলেজ" ৰূপে নামকৰণ হ’ব লাগিব বুলি আটছাই জিলা প্ৰশাসন আৰু শিক্ষা বিভাগক দাবী জনায় । আটছাৰ এই দাবীক প্ৰশাসন আৰু শিক্ষা বিভাগে আওকাণ কৰাৰ পৰিপ্ৰেক্ষিতত আটছাই মডেল কলেজ খনৰ সকলো ধৰণৰ কাম-কাজ বন্ধ কৰি দিয়ে ।

বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আটছাৰ প্ৰতিনিধিক লৈ যোৱা ৬ অক্টোবৰ তাৰিখে এক আলোচনাত মিলিত হয় যদিও শিক্ষামন্ত্ৰী গৰাকীয়ে আটছাৰ দাবীক নস্যাৎ কৰাত আটছাৰ প্ৰতিনিধিয়ে মন্ত্ৰীৰ সভা কক্ষ ত্যাগ কৰে । শিক্ষামন্ত্ৰী গৰাকীৰ এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ জনাই আজি আটছা ডুমডুমা শাখাই ডুমডুমাৰ হাঁহচৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদদ্বয় ক্ৰমে প্ৰদান বৰুৱা আৰু পল্লৱ লোচন দাস, বিধায়ক বলিন চেতিয়াৰ প্ৰতিমূৰ্তি দাহ কৰি শিক্ষা মন্ত্ৰী গৰাকীৰ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : জাগীৰোড কাগজ কলৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.