ETV Bharat / state

আত্মনিৰ্ভৰশীলতাৰ সংগ্ৰামত ব্যস্ত এগৰাকী ছাত্ৰ নেতা

কেৱল ৰাজপথৰ আন্দোলনতে ব্যস্ত নাথাকি মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা এগৰাকী ছাত্ৰ নেতা ৷ নিজৰ লগতে আন দহগৰাকীক স্বাৱলম্বিতাৰ পথ দেখুওৱা ছাত্ৰনেতাগৰাকীয়ে মীন পালনেৰে উপাৰ্জন কৰে প্ৰায় 30 লক্ষাধিক টকা ৷

author img

By

Published : Dec 22, 2020, 1:55 PM IST

aatmanirbhar story of a student leader in sadiya tinsukia assam etv bharat news
মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন

শদিয়া,22 ডিচেম্বৰ: ৰাজ্যত লাখ লাখ যুৱক-যুৱতীয়ে সম্প্ৰতি ভূগিছে কৰ্মহীনতাত ৷ কিন্তু এইসকল যুৱক-যুৱতীলৈ এক সুখবৰ কঢ়িয়াই আনিছে শদিয়াৰ এগৰাকী ছাত্ৰ নেতাই ৷ দেখুৱাইছে স্বাৱলম্বিতাৰ প্ৰকৃত নিদৰ্শন ৷ যতীন বুঢ়াগোঁহাই নামৰ যুৱকগৰাকীয়ে মীন পালন আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰাৰ লগতে আন দহজনক এই কামৰ বাবে আগ্ৰহী কৰি তোলে ৷ চৰকাৰী চাকৰিৰ সপোনতে সীমাবদ্ধ নাথাকি যুৱকগৰাকীয়ে ২০১৪ চনত আৰম্ভ কৰে মীন পালনৰ ব্যৱসায় ৷ যুৱকগৰাকীয়ে ৩০-৩৬ বিঘা ভূমি সমৃদ্ধ পুখুৰীত ৰৌ,বাহুকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিবলৈ আৰম্ভ কৰে ৷

মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন

বৰ্তমান এই ব্যৱসায়ৰ জৰিয়তে যুৱকগৰাকীয়ে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বছৰি ৩০ লক্ষাধিক ধন ৷ যতীনে ভৱিষ্যতে মীন পালনৰ উপৰিও গাহৰি, থলুৱা কুকুৰা পোহাৰ লক্ষ্য মনত পুহি ৰাখিছে ৷ বৰ্তমানলৈকে যুৱকগৰাকীয়ে এই ব্যৱসায়ৰ বাবে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায়-সহযোগ লাভ নকৰা বুলি আক্ষেপ কৰে ৷ মীন পালকসকলৰ বাবে বিশেষ কৰ্মশালাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে যুৱকগৰাকীয়ে ৷

লগতে চাওকঃ অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.