তিনিচুকীয়া,১ ফ্ৰেব্ৰুৱাৰী: ১ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুৎ বিভাগে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে(Electricity tariff hike in Assam) ৷ ঘাটি বাজেটৰ বোজা সাধাৰণ জনতাৰ মুৰত জাপি দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা(AASU opposes Electricity tariff hike) ৷ মঙলবাৰে তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হয় (AASU opposes increase in electricity charges) ।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিদ্যুৎ বিভাগৰ পৰিচালন সঞ্চালকলৈ সকীয়নি প্ৰদান কৰি অনতিপলমে পুনৰ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে(APDCL decides to hike Electricity tariff) । অন্যথা ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে বিদ্যুত বিভাগে প্ৰতিবাদৰ মুখামুখি হ’ব লাগিব উল্লেখ কৰে ৷ ইফালে, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাক পুতলা মন্ত্ৰী আখ্যা দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰি থকা বুলি মন্তব্য কৰি নিজৰ বিভাগ চলাবলৈ স্বতন্ত্ৰতা নিদিয়া বুলি উল্লেখ কৰে ৷
লগতে তেওঁ কয় যে, সুকীয়াকৈ বিভাগ আছে, সুকীয়াকৈ মন্ত্ৰী আছে, তাৰ পাছতো ভালদৰে বিভাগ চলাবলৈ নজনাৰ বাবে লগা ঘাটি বাজেটৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দিয়াটো সহ্য কৰা নহ’ব ৷ বিদ্যুৎ বিভাগৰ দৰে এটা লাভজনক বিভাগে ভালদৰে চলাব নজনাৰ কাৰণে ঘাটি বাজেটৰ সৃষ্টি হৈছে ৷ প্ৰয়োজন হ’লে বিভাগীয় মন্ত্ৰীক সালসলনি কৰাৰো দাবী উত্থাপন কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷
ইয়াৰ পূৰ্বে যেতিয়া ছেপ্তেম্বৰ মাহত ঘাটি বাজেট পূৰণ কৰিবলৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছিল তেতিয়াও সদৌ অসম ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালক লগ কৰি আলোচনাত মিলিত হৈছিল আৰু এই ঘাটি বাজেট পূৰণৰ বাবে জনতাৰ মুৰত ৰাম টাঙোন সোধাব নোৱাৰে বুলি বুজাই দিছিল আৰু তেতিয়া বিদ্যুৎ বিভাগে সদৌ অসম ছাত্ৰৰ যুক্তিত হাৰ মানি বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছিল ৷ কিন্তু এতিয়া পুনৰ সেই ঘাটি বাজেট পূৰণৰ কাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ৷
আনহাতে, ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে ৰাজ্যজুৰি জিলাই জিলাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিক্ষোভ, অৱস্থান ধৰ্মঘট, বিদ্যুৎ বিভাগৰ পুত্তলিকা তথা শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ আদি কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জিলা সমিতিসমুহক আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
লগতে পঢ়ক: Srimanta Sankardev Sangha conference: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ 46 সংখ্যক অধিবেশনৰ সামৰণি