তেজপুৰ,৬ নৱেম্বৰ : তেজপুৰত নিশা যুৱ প্ৰজন্মৰ হাৰ্ট থৰ্ব জুবিন গাৰ্গ । ডঃ বেজবৰুৱাৰ দ্বিতীয় খন চলচ্চিত্ৰ নিৰ্মাণ চলি আছে তেজপুৰত । সেইবাবেই তেজপুৰ কছাৰী গাঁও আৰক্ষী চকীত এজন আৰক্ষী বিষয়া চৰিত্ৰত অভিনয়ৰ চিত্ৰ গ্ৰহণ কৰি থকা অৱস্থাত দেখা গৈছে জুবিন গাৰ্গক ।
ডঃ বেজবৰুৱাৰ ছবিখন পুনৰ নতুন প্ৰজন্মৰ মাজত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই ছবিখনৰ গীত সমূহ এক নতুন ৰূপত বাণীবদ্ধ কৰা হৈছে ৷ ইতিমধ্যে জুবিন গাৰ্গে নিজে পৰিবেশন কৰিছে আৰু জুবলিয়ে নাৰী কণ্ঠদান কৰিছে বুলি তেওঁ কয় । দৃশ্য গ্ৰহণ অনুষ্ঠানত জুবিন গাৰ্গক স্থানীয় লোকৰ লগত ফটো উঠাও দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : দিবন ডেকাৰ জামিন আবেদন খাৰিজ ন্যায়ালয়ৰ