ETV Bharat / state

ব্যৱসায়ৰ প্ৰথম মাহতে প্ৰণৱৰ 1 লাখ টকা উপাৰ্জন

author img

By

Published : Jul 3, 2021, 7:48 PM IST

দেশৰ অৰ্থনীতিৰ মহা সংকটৰ সময়তে শোণিতপুৰৰ এজন যুৱকে হাতত লৈছে এক অভিনৱ প্ৰচেষ্টা ৷ 'আমাৰ চিন্তা, আমাৰ বজাৰ' শ্লগানেৰে উপাৰ্জনৰ এক প্ৰচেষ্টা হাতত লৈছে যুৱকজনে ৷ এই প্ৰচেষ্টাৰ জৰিয়তে আন 10 গৰাকী যুৱক-যুৱতীকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ৷

Youth businessman Pranab Jyoti Das
ব্যৱসায়ৰ প্ৰথম মাহতে প্ৰনৱৰ 1 লাখ টকা উপাৰ্জন

তেজপুৰ,3 জুলাই: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইটাখোলাত এজন যুৱকৰ অভিনৱ প্ৰচেষ্টা । অসমীয়া যুৱকৰ কৰ্মমুখী বিপ্লৱ, এইয়া । ঘৰতে "LED বাল্ব, লং, ইলাচী, পাঁচফুৰণৰ লগতে বিভিন্ন ধৰণৰ মচলা আৰু অন্যান্য সামগ্ৰী পেকেটিং কৰি এটা প্ৰতিষ্ঠানৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱকজনে ৷

সমগ্ৰ দেশতে ক'ভিড ১৯ ৰ ভয়াবহ পৰিস্থিতিৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ ক'ভিডৰ এই জটিল পৰিস্থিতত বহিঃৰাজ্যত কৰ্মৰত বহুতো অসমীয়া যুৱকে এতিয়া সংস্থাপন হেৰুৱাই পেলাইছে । তেনে সময়তে বহি ৰাজ্য বাংগালুৰত কৰ্মৰত হৈ থকা অসমৰ এজন যুৱক তথা বৰ্তমান জামুগুৰিহাটৰ ধোবাকটাৰ নিবাসী পি জে বি এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰ প্ৰণৱ জ্যোতি বৰাই হাতত লৈছে অভিনৱ প্ৰচেষ্টা ৷

ব্যৱসায়ৰ প্ৰথম মাহতে প্ৰণৱৰ 1 লাখ টকা উপাৰ্জন

জুবিন গাৰ্গৰ আদৰ্শ লৈ 'আমাৰ পথাৰ আমাৰ বজাৰ' দৰেই 'আমাৰ চিন্তা, আমাৰ বজাৰ' শ্লগানেৰে একক প্ৰচেষ্টাত গঢ়ি তুলিছে "নৰ্থ ইষ্ট মাৰ্ট" নামৰ এটি ব্যক্তিগত প্ৰতিষ্ঠান ৷

প্ৰণৱ জ্যোতি বৰাই অত্যাধুনিক যন্ত্ৰ-পাতিৰ জৰিয়তে নিজৰ বাসগৃহত LED বাল্ব, লং, ইলাচী, ডালচেনি, জালুক, সৰিয়হ, হালধি গুড়া, জলকীয়া গুড়া, অন্যান্য মচলা, কাজু, খিচমিচ, খেজুৰ, নাৰিকল, বাদাম, অন্যান্য ড্ৰাই ফ্ৰুইটছ, ষ্টিলৰ বাচোন ধোৱা জিমৰ লগতে বিভিন্ন সামগ্ৰী পেকেটিং কৰা ব্যৱস্থা কৰিছে ৷ ইয়াৰ পাচতে এই পেকেটিং সমূহ বজাৰ তথা স্থানীয় অঞ্চলৰ দোকানসমূহত সূলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷

প্ৰণৱ জ্যোতি বৰাৰ প্ৰচেষ্টাই নিজৰ আন 10 গৰাকী যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ স্বানিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰণৱ জ্যোতি বৰা বহু নিৱনুৱা যুৱক-যুৱতীৰ বাবে এতিয়া এক আদৰ্শ হৈ পৰিছে ৷ তদুপৰি প্ৰণৱ জ্যোতি বৰাৰ প্ৰচেষ্টাক লৈ গৌৰৱান্দিত শোণিতপুৰবাসী ৷

লগতে পঢ়ক:এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.