তেজপুৰ,5 জুন : ‘‘মাত্ৰ এখন পৃথিৱী’’ ধাৰণাৰে 1973 চনৰ পৰা সমগ্ৰ বিশ্বই 5 জুনটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আহিছে (Only One Earth)৷ গছ থাকিলেহে মানুহ থাকিব ৷ প্ৰকৃতি ধ্বংস কৰি উন্নয়ৰ সভ্যতাৰ জখলাত বগাই মানুহে নিজৰে নজকে ধ্বংস কৰা নাই নে ! পৰিবেশ দিৱসত হে মনত পৰা পৰিবেশ সংৰক্ষণৰ ব্যৱস্থাৰ একমাত্ৰ এই দিনটোলৈ অপেক্ষা কিয় (World Environment Day) ?
![World Environment Day 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-5june-pix-forest-pranabkumardas-7203907_05062023115123_0506f_1685946083_292.jpg)
আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ চহৰৰ দুজন সচেতন ব্যক্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ অধ্যাপক হৰেন্দ্ৰ মৰাং আৰু চিকিৎসক ৰাজীৱ বৰুৱা প্ৰচেষ্টাত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে (Tezpur)৷ উ’ডৰুপন নামেৰে তেজপুৰ মহাভৈৰবৰ পৰা কনকলতা অসামৰিক চিকিৎসালয়, উত্তৰে তেজপুৰৰ পৰুৱা চাৰিআলি লৈকে প্ৰতিজন লোকৰ সন্তানৰ জন্ম দিনত এজোপা গছ পুলি ৰোপন কৰাৰ কাম সামৰি লৈছে (Biswanath Chariali)।
![World Environment Day 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-5june-pix-forest-pranabkumardas-7203907_05062023115123_0506f_1685946083_293.jpg)
একেদৰে কুমুদ বৰুৱাৰ প্ৰচেষ্টাত বিশ্বনাথ চাৰিআলিৰ আদালত চৌহদত আৰু তেজপুৰ চহৰৰ মাজ মজিয়াত শাৰী শাৰীকৈ গছ পুলি ৰোপণৰ ফলত ৰ'দৰ পৰা সকাহ পাইছে বহুলোকে । কেৱল সেয়াই নহয়, বৰুৱাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন ঠাইত নিজৰ গাঁঠিৰ ধন খৰচ কৰি গছ ৰোপনৰ কাম কৰি আহিছে (Srimanta Sankardev Kalakshetra) ৷
![World Environment Day 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-5june-pix-forest-pranabkumardas-7203907_05062023115123_0506f_1685946083_593.jpg)
বৰুৱাই নিজে গছ পুলি ৰোপণ আৰু প্ৰতিপালন কৰি সময়ে সময়ে ইয়াৰ নিৰীক্ষণ কৰি কাটিং কৰে । কিন্তু দুৰ্ভাগ্যৰ বিষয় তেজপুৰ পৌৰ সভাৰ অন্তৰ্গত এলেকাত থকা এই গছ সমূহ প্ৰতিপালন কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কৰ্তৃপক্ষই । আনফালে আকৌ তেজপুৰ মিছন চাৰিআলি-ভোমোৰাগুৰী লৈ চাৰিলেন পথ নিৰ্মাণ আৰু উৰণীয়া সেতু নিৰ্মাণৰ নামত পথৰ দাঁতিত থকা বৃহৎ আকাৰৰ গছসমূহ কাটি তাহিলং কৰিলে (Mission Chariali,Tezpur) ।
চৰকাৰী তথ্যত অনুসৰি বিগত দুটা দশকত অসমত 287 হাজাৰ হেক্টৰ গছ বিলুপ্ত হৈছে ৷ বিপৰীতে ভাৰতে প্ৰতি বছৰে 2,159,420,898 জোপা গছ পুলি ৰোপণ কৰি দ্বিতীয় স্থানত আছে ৷ ইয়াৰে মুঠ 3854 টা বিশেষ প্ৰজাতিৰ গছ অসমত ৰোপন কৰা হৈছে যাৰ 25.12 শতাংশ গছ গাঁও অঞ্চলত ৰোপণ কৰা হৈছে । সামাজিক বনানিকৰণৰ জৰিয়তে চৰকাৰে প্ৰতি বছৰে গছ পুলি ৰোপন কৰাৰ বাবে এক বৃহৎ পৰিমাণৰ পুঁজি আৱণ্টন দিয়ে ৷ কিন্তু সংশ্লিষ্ট বিভাগে বাজেটৰ জৰিয়তে আৱণ্টন হোৱা বৃহৎ ধন মাত্ৰ দুই চাৰি জোপা গছ পুলি ৰুই উদং কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
লগত পঢ়ক : World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন