ETV Bharat / state

থলুৱা গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট একাংশ মহিলাৰ

দুই সহস্ৰাধিক গঞা মহিলা দিনে নিশাই ব্যস্ত হৈ পৰিছে তাঁতশালত ৷ থলুৱা গামোচা বিক্ৰীৰে বছৰি উপাৰ্জন কৰিছে সত্তৰ লাখ টকা ৷ লক্ষ্য আগন্তুক পাঁচ বছৰত অসমৰ গামোচাৰ বজাৰ দখল কৰা ৷

author img

By

Published : Jun 29, 2019, 12:21 PM IST

গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

তেজপুৰ, 29 জুন : অসমীয়া স্বাভিমানৰ প্ৰতীক থলুৱা গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট চতিয়া সমষ্টিৰ একাংশ মহিলাৰ ৷ কন্যকা বোৱা কটা সমবায় সমিতিৰ জৰিয়তে তাঁতশালত ৰচিছে সপোন ৷ লক্ষ্য আগন্তুক পাঁচ বছৰত থলুৱা গামোচাৰে অসমৰ গামোচাৰ বজাৰ দখল কৰা ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত বিগত বৰ্ষত জামুগুৰিহাটৰ মাৰ্কেটিং চছাইটিৰ চৌহদত গঢ়লৈ উঠা কন্যকা বোৱা কটা সমবায় সমিতিয়ে ইতিমধ্যে অসমৰ বজাৰলৈ মুকলি কৰি দিছে পঞ্চাশ হাজাৰ থলুৱা গামোচা ৷

etv bharat assam
গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

সমবায়টোৰ পৰিচালিকা ৰাজশ্ৰী বৰা আৰু অলংকাৰীক পৰিচালিকা লুণা বৰুৱাই জনোৱা তথ্য অনুসৰি,বৰ্তমান সমবায়খনত এশখনৰো অধিক মাইনাও আৰু উইভিং শালত সমষ্টিটোৰ কুৰিৰো অধিক গাঁৱৰ শতাধিক মহিলা জড়িত হৈ আছে ৷ একোখন শালত ফুল নাথাকিলে ছয়খন আৰু ফুল থাকিলে দিনে তিনিখনকৈ গামোচা উৎপাদন কৰা হয় ৷ কন্যকাৰ এই গামোচা সমূহ গুৱাহাটী,লখিমপুৰ,মংগলদৈ,ৰঙিয়া,নগাঁও,মৰিগাঁও বিশ্বনাথ,শোণিতপুৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় ৷

etv bharat assam
গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

সমষ্টিটোৰ গঞা মহিলাসকলক বোৱা-কটাৰ উন্নত প্ৰশিক্ষণ প্ৰদান কৰি এই কন্যকা সমবায় সমিতিত শিপিনী হিচাপে জড়িতকৰণৰ থলুৱা গামোচাসমূহ বিক্ৰী কৰি মহিলাসকলে যথেষ্টভাৱে উপকৃত হোৱাৰ লগতে স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে তেওঁলোকে ৷ ইপিনে গামোচাৰ উপৰিও তাঁতশাল সমূহত বৰ্তমানে চেলেং,চাদৰ,মেখেলাকে ধৰি ভিন্ন জনজাতীয় সাজপাৰ উৎপাদনো কৰে মহিলাসকলে ৷ এনেদৰেই এতিয়া বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত মহিলাসকলে বিচাৰি পাইছে উপাৰ্জনৰ পথ ৷

Intro:👉এবছৰত থলুৱা গামোছা বিক্ৰী কৰি সত্তৰ লাখ উপাৰ্জন কন্যাকা বোৱা কটা সমবায় সমিতিৰ ৷।

👉দুই সহস্ৰাধিক গঞাঁ মহিলা দিনে নিশাই ব্যস্ত তাতঁশালত ৷।

👉অসমৰ বজাৰত সমাদৰ লাভ কন্যকাত উৎপাদিত থলুৱা গামোছাৰ ৷।

👉আগন্তুক পাচঁ বছৰত অসমৰ বজাৰ দখল কৰিব কন্যাকাৰ গামোছাই ৷।

চতিয়া সমষ্টিৰ অন্তৰ্গত কন্যাকা বোৱা কটা সমবায় সমিতিয়ে উৎপাদিত গামোছা বিক্ৰী কৰি এটা বছৰত লাভ কৰে সত্তৰ লাখৰো অধিক টকা ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত যোৱা বৰ্ষ জামুগুৰিহাটস্থ মাৰ্কেটিং চচাইটিৰ চৌহদত গঢ়লৈ উঠা কন্যকা বোৱা কটা সমবায় সমিতিয়ে ইতিমধ্যে অসমৰ বজাৰলৈ মুকলি কৰি দিছে পঞ্চাশ হেজাৰ থলুৱা গামোছা ৷ Body:একোখন গামোছা ডেৰশ টকাৰ পৰা সাতশ টকা পৰ্যন্ত বিক্ৰী কৰি কন্যকা বোৱা কটা সমবায় সমিতিয়ে এই পৰ্যন্ত সত্তৰ লাখ টকা উপাৰ্জন কৰা বুলি জানিবলৈ দিয়ে সমবায় খনৰ পৰিচালিকা ৰাজশ্ৰী বৰা আৰু অলংকাৰীক পৰিচালিকা লুণা বৰুৱাই ৷ পৰিচালিকা দুগৰাকীৰ মন্তৱ্য বৰ্তমান সমবায় খনত এশখনৰো অধিক মাইনাও আৰু উইভিং শালত সমষ্টিটোৰ কুৰিৰো অধিক গাৱৰ শতাধিক মহিলা জৰিত হৈ আছে ৷ একোখন শালত ফুল নেথাকিলে ছয়খন আৰু ফুল থাকিলে দিনে তিনিখনকৈ গামোছা উৎপাদন কৰিব পাৰি বুলি জানিবলৈ দিয়ে পৰিচালিকা দ্বয়ে ৷ গুৱাহাটী, লক্ষিমপুৰ, মঙ্গলদৈ, ৰঙিয়া , নগাওঁ, মৰিগাওঁ বিশ্বনাথ, শোণিতপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিপনীলৈ এই গামোছা সমুহ বিক্ৰীৰ বাৱে প্ৰেৰণ কৰা হৈছে ৷ কন্যকাত উৎপাদিত থলুৱা গামোছাই অসমৰ বজাৰত যথেষ্ট সমাদৰ লাভ কৰা বুলিও মন্তৱ্য কৰে ৰাজশ্ৰী বৰা আৰু লুনা বৰুৱাই ৷ সমষ্টিটোৰ গঞাঁ মহিলা সকলক বোৱা কটাৰ উন্নত প্ৰশিক্ষন প্ৰদান কৰি এই কন্যকা সমবায় সমিতিত শিপিনী হিচাপে জৰিত কৰা বুলিও মন্তৱ্য কৰে ৷ থলুৱা গামোছা সমুহ বিক্ৰী কৰি মহিলা সকল যথেষ্ট উপকৃত হোৱাৰ লগতে স্বাৱলম্বীতাৰ পথ সুচনা হোৱা বুলিও জানিব পৰা গৈছে ৷একোগৰাকী মহিলাই গামোছা উৎপাদন কৰি সাত-আঠ হেজাৰ টকা মাহিলী উপাৰ্জন কৰা বুলিও জানিব পৰা গৈছে ৷ গামোছাৰ উপৰি তাতশাল সমুহত বৰ্ত্তমানে চেলেং,চাদৰ,মেখেলাকে ধৰি বিভিন্ন জনজাতীয় সাজপাৰ উৎপাদন কৰি থকা বিষয়ে জানিবলৈ দিয়ে পৰিচালিকা দ্বয়ে ৷ Conclusion:ইতিমধ্যে অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাকে ধৰি অসমৰ বিভিন্ন সমষ্টিৰ বিধায়ক, আমোলা বিষয়াই এই থলুৱা তাতঁশালৰ উদ্যোগ পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বিষয়েও জানিব পৰা গৈছে ৷ কন্যকা বোৱা কটা সমবায় সমিতিৰ প্ৰধান উদ্যোক্তা তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়- এই উদ্যোগৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে চতিয়া সমষ্টিৰ প্ৰায় দুই সহস্ৰাধিক গঞাঁ মহিলা জৰিত হৈ আহিছে ৷ গাৱেঁ গাৱেঁ মহিলা সকলে তাতঁশাল স্থাপন কৰি গামোছা বৈ কন্যকা বোৱা কটা সমবায়ত যোগান ধৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাও পৰিলক্ষিত হৈছে ৷ সমষ্টিটোৰ চাৰিদুৱাৰতো ইতিমধ্যে এশ মহিলাক একত্ৰিত কৰি তথা প্ৰশিক্ষণ প্ৰদান কৰি বোৱা কটাৰ সুবিধাৰ্থে তাতঁশাল যোগান ধৰা হৈছে ৷ এই তাতঁশালত মহিলাসকলে জনজাতীয় সাজ-পাৰ তৈয়াৰ কৰাত ব্যস্তহৈ পৰা বুলি জানিবলৈ দিয়ে বিধায়ক পদ্মই ৷ দুই সহস্ৰাধিক মহিলা এনেদৰে তাতঁশালত জৰিত হৈ থলুৱা গামোছাকে ধৰি অন্যান্ন সাজপাৰ উৎপাদনত মনোনিবেশ কৰাটো ৰাজ্যখনৰ ভিতৰতে অনন্য আৰু প্ৰথম হব বুলি মন্তৱ্য কৰে বিধায়ক পদ্মই ৷ অহা পাচঁবছৰৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ গামোছাৰ বজাৰ খন কন্যকাই দখল কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ গামোছা আমদানিও বন্ধহৈ পৰিব বুলি মন্তৱ্য কৰে বিধায়ক পদ্মই ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৯/৬/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.