ETV Bharat / state

Helpless Wild Elephant : ৰঙাপৰাত বনৰীয়া হাতীৰ আৰ্তনাদ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:50 PM IST

Updated : Sep 20, 2023, 4:02 PM IST

ৰঙাপৰাত এটা বনৰীয়া হাতীৰ আৰ্তনাদ ৷ দুদিন ধৰি ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত আৰ্তনাদ কৰি আছে হাতীটো ৷ দুই হাতীৰ মাজত হোৱা যুঁজৰ বাবে এই ঘটনা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিষয়াই ৷

Helpless Wild Elephant
ৰঙাপৰাত বনৰীয়া হাতীৰ আৰ্তনাদ
ৰঙাপৰাত বনৰীয়া হাতীৰ আৰ্তনাদ

ৰঙাপৰা, 20 ছেপ্টেম্বৰ : সমগ্ৰ দেশত গণেশ চতুৰ্থী পূজা চলি থকাৰ সময়তে ৰঙাপৰাত এটা বনৰীয়া হাতীয়ে কৰিছে আৰ্তনাদ । ৰঙাপৰাৰ এখন বাগাৰ বোকাৰ মাজত আঘাতপ্ৰাপ্ত হৈ পৰি আছে বনৰীয়া দঁতাল হাতীটো ৷ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ 13 নং শাখাত থকা দ-খাৱৈত পৰি গৈছিল বনৰীয়া হাতীটো ৷ আনহাতে বোকাৰ পৰা উঠিবলৈ বাৰে বাৰে চেষ্টা কৰিছে যদিও উঠিব পৰা হোৱা নাই দঁতাল হাতীটো ৷ দুদিন ধৰি দ-খাৱৈত পৰি বনৰীয়া হাতীটোৱে চটফটাই আছে ৷

ইফালে হাতীৰ মাজত হোৱা যুদ্ধ ফলত বনৰীয়া হাতীটো আঘাতপ্ৰাপ্ত হৈ বোকাত পৰি থকা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে বনৰীয়া হাতীটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰিবাৰীৰ বনাঞ্চলিক বন বিভাগে ৷ ইফালে বনৰীয়া হাতীটোৰ এখন ভৰি ভাঙি যোৱা বুলি সন্দেহ কৰা হৈছে ৷ হাতীটোৰ উন্নত চিকিৎসাৰ বাবে পশু চিকিৎসকৰ দল উপস্থিত হৈছে বুলি বন বিভাগৰ বিষয়াই উল্লেখ কৰে ৷

আমাৰিবাৰীৰ বনাঞ্চলিকৰ বন বিভাগে বিষয়া ৰাজু শইকীয়াই এই সন্দৰ্ভত কয়,‘‘ কালি আমি এটা হাতী দ-খাৱৈত আৱদ্ধ হৈ থকা বুলি তথ্য লাভ কৰিছিলো ৷ সেই খবৰৰ ভিত্তিত আমি ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত উপস্থিত হৈ হাতীটোৰ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিছিলো ৷ ওৰাঙৰ পৰা অহা চিকিৎসকৰ দলে হাতীটোৰ চিকিৎসা কৰি আছে ৷ ইতিমধ্যে পশু চিকিৎসকৰ দল আহি আছে ৷ তেওঁলোকে চিকিৎসা কৰিব ৷ হাতীটোৰ কি হৈছে তেওঁলোকেহে প্ৰকৃত কাৰণ ক’ব পাৰিব ৷ যিমান পাৰো আমিও হাতীটো উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰিম ৷ দুই হাতীৰ মাজত যুঁজৰ বাবে এই ঘটনা হোৱা বুলি আমি সন্দেহ প্ৰকাশ কৰিছো ৷ ’’

লগতে পঢ়ক :Erosion in Bihali: ঠাণ্ডাপানী নদীৰ খহনীয়াত জাহ গৈছে শতাধিক পৰিয়ালৰ গৃহ

Last Updated : Sep 20, 2023, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.