ETV Bharat / state

প্ৰাদেশীকৰণৰ পাছতো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত চৰকাৰী বিদ্যালয়

author img

By

Published : Oct 10, 2019, 10:31 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰ্যাপ্ত আন্তঃগাঁথনিৰ অবিহনে অব্যাহত আছে পাঠদান ৷প্ৰাদেশীকৰণ হোৱাৰ পাছতো বিদ্যালয়খন নিয়মিতভাৱে চৰকাৰী সাহায্যৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আছে ৷

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ৰঙাপৰাৰ চৰকাৰী বিদ্যালয়

শোণিতপুৰ,10 অক্টোবৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত হবলগীয়া আগন্তক উপ-নিৰ্বাচনৰ বাবে ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ তেনে এক সময়তে সমষ্টিটোৰ অন্তৰ্গত এখন চৰকাৰী শিক্ষানুষ্ঠানে পুনৰবাৰ উন্মোচিত কৰিলে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ সোপাঢিলা স্বৰূপ ৷ সমষ্টিটোৰ চামধৰাত 1994 চনত স্থাপিত হোৱা কাবিলাবাদ উচ্চ ইংৰাজী বিদ্যালয়খনে 2013 চনত প্ৰাদেশীকৰণ হোৱাৰ সত্ত্বেও আজি পৰ্যন্ত নিয়মীয়া চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে ৷ মাত্ৰ প্ৰথমবাৰলৈ 2016 চনত সমষ্টিটোৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈ অহা পল্লবলোচন দাসে বিদ্যালয়খনৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ শিতানত 5 লাখ টকা অনুদান প্ৰদান কৰিছিল ৷ কিন্তু তাৰ পাছত আজি পৰ্যন্ত কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাৰ কথা ব্যক্ত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ ইফালে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ কথা স্বয়ং ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমক অৱগত কৰিছে ৷ তেনেস্থলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ আৰু অভিভাৱক-অভিভাৱিকা সকলে ৰাজ্যৰ শিক্ষা বিভাগৰ কৃপা দৃষ্টিলৈ বাট চোৱা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়ক

Intro:Ground zero Bye election Rangapara .

PKG STORY

##. আমাৰ স্কুল খন ভাল , পঢ়া শুনা ও ভালকৈ হয় । ছাৰ সকলে ভালকৈ পঢ়াই । কিন্তু আমাক আৰু সুবিধা প্ৰদান কৰক ।##

তেজপুৰ,১০ অক্টোবৰ: সমাগত উপ নিৰ্বাচন ।শোণিতপুৰ জিলাৰ 74 নং ৰঙাপাৰ সমষ্টিৰ শিক্ষানুষ্ঠান ৰ এক সুকীয়া প্ৰতিচবি আজি আমি দেখুৱাব বিচাৰিছোঁ ।
কাবিলাবাদ উচ্চ ইংৰাজী বিদ্যালয় ৰঙাপাৰ সমষ্টিৰ চামধৰাত 1994 চনত স্থাপিত হোৱা এই বিদ্যালয় খনলৈ মন কৰক । 2013 চনত প্ৰভিনছলাজ হৈও জৰাজীৰ্ণ অবস্থা ।

Body:এই সমষ্টিত সিংহ ভাগ সময় কংগ্ৰেছৰ অধীনত আছিল ।2016 চনত ৰাজ্যৰ বিজেপিৰ শাসনৰ অধীনত বৰ্তমানৰ তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসৰ নেতৃত্বত সমষ্টিটো বিধায়ক আছিল । কিন্তু বিগত সময়চোৱাত কৈ মাত্ৰ প্ৰথম বাৰলৈ পল্লব লোচন দাসে এই বিদ্যালয়ৰ বাবে 5 লাখ টকা অনুদান প্ৰদান কৰিছিল, যদিও পল্লব লোচন দাস লোক সভা নিৰ্বাচন ত জয়ী হৈ যোৱাত বিধান সভা ৰ আসন খালি হৈ পৰে ।
2016 চনৰ নিৰ্বাচন ত বিজেপি দলৰ পল্লব লোচল দাসে 51597 টা ভোট ত জয় লাভ কৰিছিল আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী সমষ্টিৰ দীৰ্ঘদিনীয়া বিধায়ক ভিমানন্দ তাঁতী য়ে লাভ কৰিছিল 28606 টা ভোটত ।সমষ্টিৰ টোত মুঠ ভোটাৰ আছিল 136999 টা ।
দুখৰ বিষয় এই বিদ্যালয় খনৰ বাবে কোনো ধৰণৰ সঁহাৰি নাহিল ।
Bite : প্ৰধান শিক্ষক ।
Bite: ছাত্ৰী 1,2
Bite: ছাত্ৰ ।
Bite: শিক্ষক ।

Conclusion:দুৰ্ভাগ্যজনক যে স্থানীয় ৰাইজে আৰু শিক্ষক সকলৰ সহযোগিতা ত এই বিদ্যালয় খন ইকৰা ৰ বেৰ দি ওপৰত টিন লগায় শিক্ষাৰ উপযোগী কৰি তোলে ,কিন্ত বাৰিষা কালত বিদ্যালয় খনৰ শ্ৰেণী কোঠাৰ ভিতৰত পানী ভৰি পৰে ।
শিক্ষাৰ্থীৰ অভিযোগ আমাক আৰু অলপ সুবিধা প্ৰদান কৰিব লাগে ।
End ,PTC ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১০/১০/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.