ETV Bharat / state

Manipur Violence: অস্থিৰ মণিপুৰ; মেইটেই সম্প্ৰদায়ৰ 30 টা বাসগৃহত অগ্নি সংযোগ কুকি উগ্ৰপন্থীৰ - Manipur violence

আন এক হিংসাত্মক ঘটনাই জোকাৰিছে মণিপুৰ ৷ প্ৰায় 30 টা মেইটেই সম্প্ৰদায়ৰ লোকৰ বাসগৃহত অগ্নি সংযোগক কুকি উগ্ৰপন্থীৰ ৷ কুকি উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ৷

Manipur Violence
Manipur Violence
author img

By

Published : Jul 26, 2023, 8:49 PM IST

তেজপুৰ, 26 জুলাই: মণিপুৰত পুনৰ হিংসাত্মক ঘটনা ৷ মণিপুৰৰ টেংনুপাল (Tengnoupal) জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত অৱস্থিত মৰে চহৰত মেইটেই সম্প্ৰদায়ৰ প্ৰায় 30 টা ঘৰত অগ্নি সংযোগ অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীৰ ৷ বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ ইফালে উগ্ৰপন্থী গোটটোৰ সৈতে বিয়লিলৈকে আৰক্ষীৰ সংঘৰ্ষ হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি বুধবাৰে ৰাতিপুৱা প্ৰায় 9.30 বজাত বৰ্ধিত উত্তেজনাৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তৰ চহৰতখনত এটা বৃহৎ অস্ত্ৰধাৰী লোকৰ দল উপস্থিত হৈ মেইটেই সম্প্ৰদায়ৰ গৃহসমূহত অগ্নি সংযোগ কৰা আৰম্ভ কৰে ৷ অস্ত্ৰধাৰী দলটোৱে প্ৰায় 30 টা ঘৰত অগ্নি সংযোগ কৰে ৷ ইয়াৰ ভিতৰত আছিল 3 তাৰকাযুক্ত ইলোৰা নামৰ এখন হোটেলৰ লগতে আন পাঁচখন হোটেল ৷

ইয়াৰোপৰি বন বিভাগৰ কাৰ্যালয়কে ধৰি চৰকাৰীও সম্পত্তিও ধ্বংস কৰা হয় ৷ কেন্দ্ৰীয় বাহিনীৰ বৃহৎ দল আৰু অসম ৰাইফলছৰ উপস্থিতিৰ পাচতো এই ঘটনা সংঘটিত হোৱা দাবী কৰিছে এক সূত্ৰই ৷

ইয়াৰ পাচতেই অঞ্চলটোত মণিপুৰ আৰক্ষী মোতায়েন কৰা হয় আৰু সমবেত লোকসকলৰ ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে ৷ ইফালে আৰক্ষীলৈ লক্ষ্য কৰি অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰাৰ পাচতেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ৷

দুয়োপক্ষৰ মাজত বহু সময় ধৰি গুলীয়াগুলী চলে ৷ অৱশ্যে বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ হোৱা নাই ৷ সূত্ৰ অনুসৰি, আক্ৰমণকাৰীসকলক ম্যানমাৰৰ কুকি উগ্ৰপন্থী বুলি চিনাক্ত কৰা হৈছে ৷

এই ঘটনাই পুনৰ মণিপুৰত উত্তেজনা বৃদ্ধি কৰাৰ লগতে মৰে চহৰৰ মেইটেইসকল ভীতিগ্ৰস্ত হৈ পৰিছে ৷ সমান্তৰালভাৱে অঞ্চলটোত শাস্তি স্থাপনৰ বাবে প্ৰশাসনে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Manipur violence: মণিপুৰৰ পাহাৰীয়া গাঁৱত কুকি উগ্ৰপন্থীয়ে সাধাৰণ ৰাইজক দিছে অস্ত্ৰ প্ৰশিক্ষণ; কেইশাম মেঘাচন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.