তেজপুৰ, 26 আগষ্টঃ আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই দলসমূহে কিছু পৰিমাণে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ তাৰ মাজতেই ৰাজ্যত গা কৰি উঠিছে কেইবাটাও নতুন ৰাজনৈতিক দল ৷ সমান্তৰালকৈ ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই গঠন কৰা সংযুক্ত আঞ্চলিক দলৰ বাবেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সাংসদগৰাকী ৷ বুধবাৰে তেজপুৰৰ হোটেল ৰয়েল ৰিজেঞ্চিত দলৰ প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰে সংযুক্ত আঞ্চলিক দলৰ সাধাৰণ সম্পাদক আৰু সভাপতি অলক নাথ আৰু অৰূপ বৰবৰাই ৷
এই সংবাদমেলত কংগ্ৰেছ এআইইউডিফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি দলটোৰ সাধাৰণ সম্পাদক অলক নাথ আৰু সভাপতি অৰূপ বৰবৰাই কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ এআইইউডিএফ আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাত ৰাজনৈতিক লাভালাভৰ চিন্তা কৰা পিছত আকৌ এই আঞ্চলিক দলৰ মাজত ঘূৰি অহাৰ কোনো বা আঁকোৱালি লোৱাৰ প্ৰশ্ন নাহে । বিজেপি আৰু অগপ যৌথ শাসনৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ বাবে সকলো দল সংগঠনে ঐক্যবদ্ধ হৈ ৰাজনৈতিক যুজঁ দিয়াটো অতি প্ৰয়োজনীয় ৷ আনহাতে অগপ আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুওৱাৰ বাবেই পুনৰ ৰাজ্যত আন এটা আঞ্চলিক দলৰ প্ৰয়োজন হোৱা বুলিও মন্তব্য কৰে দলটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক-বিভিন্ন দাবীৰে ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ