ETV Bharat / state

TMC team to visit Manipur: শুকুৰবাৰে মণিপুৰলৈ আহিব টিএমচিৰ পাঁচজনীয়া সাংসদৰ দল; ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া - Assam TMC president

14 জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ এটা পাঁচজনীয়া প্ৰতিনিধিৰ দল ৷ এই দলটোত থাকিব পাঁচগৰাকীকৈ সাংসদ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ এক টেলিফোনিক সাক্ষাৎকাৰ ৷

TMC team to visit Manipur
TMC team to visit Manipur
author img

By

Published : Jul 12, 2023, 6:30 PM IST

14 জুলাইত মণিপুৰলৈ আহিব TMCৰ পাঁচজনীয়া সাংসদৰ দল

তেজপুৰ, ১২ জুলাই: শুকুৰবাৰে মণিপুৰ ভ্ৰমণ কৰিব মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ (TMC) পাঁচজনীয়া প্ৰতিনিধি দলে । অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতিৰ পৰ্যালোচনা বাবে এই পাঁচজনীয়া তথ্য অনুসন্ধানকাৰী কমিটীয়ে ( Fact Finding Committee) মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰিব ।

তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাই ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত জনায় যে গৃহ মন্ত্ৰণালয়ে তৃণমূল কংগ্ৰেছৰ সভাপতি তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মণিপুৰ ভ্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বাবে এই পাঁচজনীয়া দলটো প্ৰেৰণ কৰিছে ৷ বৰাই জনায় যে এই দলটোত আছে তিনিগৰাকী ৰাজ্যসভাৰ সাংসদ আৰু দুগৰাকী লোকসভাৰ সাংসদ ।

ৰাজ্যসভাৰ সাংসদ ক্ৰমে ডেৰেক অ'ব্ৰাইন, ড’লা সেন আৰু সুস্মিতা দেৱৰ লগতে লোকসভাৰ সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু কল্যাণ বেনাৰ্জীয়ে মণিপুৰ ভ্ৰমণ কৰিব । এই পাঁচগৰাকী সাংসদে মণিপুৰৰ পৰিস্থিতিৰ অধ্যয়ন কৰি সংসদৰ উভয় সদনত বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি বৰাই জনায় ।

আনহাতে তেওঁ মণিপুৰৰ এই ৭০ দিনীয়া হিংসাত্মক ঘটনাৰ পাচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰুক্ষেপ নকৰাৰ বাবে গৰিহণা দি কয় যে প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠানত মণিপুৰৰ প্ৰসংগই স্থান নোপোৱাটো দুৰ্ভাগ্যজনক । মোদীয়ে উল্লেখ কৰা বিজেপিৰ ‘ডাৱল ইঞ্জিন’ৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ।

হিংসাত্মক কাৰ্যত ১৫০ গৰাকী লোকৰ মৃত্যু হোৱাৰ পিচতো প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ আৰু কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা বুলি বৰাই অভিযোগ উত্থাপন কৰে । আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি বৰাই কয় যে ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে । বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি চৰকাৰক এই সমগ্ৰ ঘটনাৰ বাবে ধিক্কাৰ প্ৰদান কৰে ।

তেওঁ কয় যে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন আছে, উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পৰা এই বিষয়ে স্পষ্ট হৈছে যে আইন শৃংখলা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৰাজ্যখনত যাৰ ফলত সাধাৰণ লোকৰ জীৱন যাপন দুৰ্বিষহ হৈ পৰিছে ।

লগতে পঢ়ক: Manipur News: 14 জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.