ETV Bharat / state

Tezpur University Faculty : বিশ্বৰ শীৰ্ষ বিজ্ঞানীসকলৰ তালিকাত স্থান লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী অধ্যাপকৰ - কৃত্ৰিম বুদ্ধিমত্তা আৰু ইমেজ প্ৰচেছিং

তেজপুৰ বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ইমেজ প্ৰচেছিং, ​​শক্তি, পলিমাৰ, অট’ৰিন’লেৰিংগ’লজী আৰু অপ্টোইলেক্ট্ৰনিক্স এণ্ড ফ’ট’নিক্সৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণামূলক কামে বিশ্বজুৰি প্ৰমাণিত স্বীকৃতি লাভ কৰিছে ৷ কাৰণ ইয়াৰ নিজ নিজ ক্ষেত্ৰৰ অধ্যাপক সদস্যসকলক এলচেভিয়াৰৰ শীৰ্ষ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে সমগ্ৰ বিশ্বৰ ২% বিজ্ঞানীক ।

Tezpur University Faculty
অপ্টোইলেক্ট্ৰনিক্স এণ্ড ফটোনিক্সৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:18 PM IST

তেজপুৰ, ২ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অধ্যাপক সদস্যসকলৰ অত্যাধুনিক গৱেষণাৰ জৰিয়তে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ইমেজ প্ৰচেছিং, শক্তি, পলিমাৰ, অটোৰাইনোলেৰিংগ’লজী, অপ্টোইলেক্ট্ৰনিক্স এণ্ড ফটোনিক্সৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে ৷

ইয়াৰ অধ্যাপক সদস্যসকলক বিশ্বজুৰি শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ এলচেভিয়াৰৰ সন্মানীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰা অধ্যাপকসকল হৈছে ক্ৰমে অধ্যাপক ধ্ৰুৱ কে ভট্টাচাৰ্য, অধ্যাপক দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, শ্যামল কুমাৰ দাস, অধ্যাপক নিৰঞ্জন কড়ক, অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, আৰু অধ্যাপক পাৰ্থ প্ৰতিম সাহু ।

Tezpur University faculty continues to feature in worlds top 2 present scientists list
স্বীকৃতি লাভ কৰা অধ্যাপক ধ্ৰুৱ কে ভট্টাচাৰ্য

স্বীকৃতি লাভ কৰা অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা

বিশ্বজুৰি বিখ্যাত পাব্লিছিং এণ্ড ইনফৰ্মেশ্যন এনালাইটিক্স কোম্পানী এলচেভিয়াৰে ২০২২ আৰু ২০২৩ দুয়োটা বৰ্ষতে এক স্বতন্ত্ৰ অধ্যয়নৰ জৰিয়তে এই তালিকাসমূহ সংকলন কৰিছিল । নিৰ্বাচন প্ৰক্ৰিয়াটোত শীৰ্ষ উদ্ধৃত বিজ্ঞানীসকলৰ ৰাজহুৱাভাৱে উপলব্ধ তথ্যকোষৰ মূল্যায়ন কৰা, উদ্ধৃতি, h-index, সহ-লেখকত্বৰ সমন্বিত hm-index (evaluating criteria such as citations, h-index, co-authorship adjusted hm-index), বিভিন্ন লেখকৰ পদত থকা গৱেষণা পত্ৰসমূহৰ উদ্ধৃতি আৰু এটা সংমিশ্ৰিত সূচক (c-score) আদি মাপকাঠীৰ মূল্যায়ণ কৰা হয় ।

স্বীকৃতি লাভ কৰা অধ্যাপক শ্যামল কুমাৰ দাস

স্বীকৃতি লাভ কৰা অধ্যাপক নিৰঞ্জন কড়ক

মানক বিজ্ঞান-মেট্ৰিক্স শ্ৰেণীবিভাজন অনুসৰি বিজ্ঞানীসকলক ২২ টা বৈজ্ঞানিক ক্ষেত্ৰ আৰু ১৭৪ টা উপক্ষেত্ৰত ভাগ কৰা হৈছে । অনুষদ সদস্যসকলক অভিনন্দন জনাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে কয় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ আৰু গৱেষক থকাটো সৌভাগ্যজনক ৷ যিয়ে বিশ্ববিদ্যালয়খনৰ বৃদ্ধিত অসীম অৰিহণা যোগাইছে । এই খবৰে আনকো জ্ঞান আৰু উৎকৃষ্টতাৰ সন্ধানত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

স্বীকৃতি লাভ কৰা অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা

স্বীকৃতি লাভ কৰা অধ্যাপক পাৰ্থ প্ৰতিম সাহু

লগতে পঢ়ক : Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.