ETV Bharat / state

তেজপুৰত শ্বহীদ দিৱস পালন অসম জাতীয় পৰিষদৰ - জাতীয় পৰিষদৰ

শ্বহীদ দিৱস উপলক্ষে তেজপুৰত অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন । অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ কৰ্মকৰ্তাই ।

শ্বহীদ দিৱস উপলক্ষে তেজপুৰত অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

author img

By

Published : Dec 10, 2020, 6:34 PM IST

তেজপুৰ, ১০ ডিচেম্বৰ : অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদসকলক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । তেজপুৰতো অসম জাতীয় পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । তেজপুৰ সাহিত্য সভাৰ সন্মুখত আয়োজিত এই অনুষ্ঠানত অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক সোঁৱৰে অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ কৰ্মকৰ্তাই । অনুষ্ঠানত উপস্থিত থাকি শোণিতপুৰ জিলাৰ আহ্বায়ক জান বৰাই কয় যে, 'চৰকাৰে শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ।

শ্বহীদ দিৱস উপলক্ষে তেজপুৰত অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

কিন্তু প্ৰকৃততে যদি চৰকাৰে অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে তেন্তে, চৰকাৰে শ্বহীদ দিৱস পালন কৰি দেখুওৱা নিৰ্দশনৰ লগতে অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰি শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰক । লগতে 'কা' আন্দোলনৰ সময়ৰ ৫ জন শ্বহীদকো শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে আহ্বায়কগৰাকীয়ে ।' উল্লেখ্য যে, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটোতে শ্বহীদ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক:চাইকেলেৰে যাত্ৰা কৰি আহমেদাবাদৰ পৰা ৰঙিয়া পালেহি ৪ গৰাকী আৰোহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.