তেজপুৰ, ১৪ জানুৱাৰী : আজি পবিত্ৰ মকৰ সংক্ৰান্তি ৷ পুহ আৰু মাঘ মাহৰ এই সংক্ৰান্তিত উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ নদী বা লোহিত নদীত স্নান কৰি দেহ মন পৱিত্ৰ কৰে বিভিন্ন জনে । অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ডত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম ঘটে আজিৰ এই দিন টোত এবাৰ স্নান কৰি নিজকে ধন্য মানে আৰু পূণ্য লাভ কৰে বুলিও জানিব পৰা যায় । কিন্তু বহু বছৰৰ পিছত এইবাৰ ভক্তৰ সমাগম কম হোৱা বুলি জানিব পৰা গৈছে কাৰণ মহামাৰীৰ ক’ৰণাৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে ইনাৰ লাইন পাৰ্মিট বন্ধ ৰাখিছে । অন-লাইনৰ জৰিয়তে যদিও দুই এক পাৰ্মিট উপলব্ধ সেয়াও সীমিত মাত্ৰ ।
পৰশুৰাম কুণ্ড ব্ৰহ্মপুত্ৰৰ নামনি অংশত অৰ্থাৎ লোহিত নদীত অৱস্থিত, ই তেজুৰ পৰা ২১ কিলোমিটাৰ উত্তৰে অৱস্থিত । দেশ-বিদেশৰ ভক্ত নেপালকে ধৰি বিভিন্ন দেশৰ পৰ্যটকৰ সমাহাৰ ঘটে ৷ ইয়াৰ এক মাহাত্ম্য আছে । প্ৰবাদ মতে, পৰশুৰামে মাতৃক হত্যা কৰি তেওঁৰ হাতৰ কুঠাৰ এৰাই নোযোৱাত জামদগ্নি মুনিৰ কথা মতে লোহিতত আবদ্ধ হৈ থকা ব্ৰহ্মপুত্ৰৰ পানীত কুঠাৰৰে কাটি পানী মুকলি কৰিছিল আৰু তাৰ পিছত ব্ৰহ্মপুত্ৰই পুনৰ ববলৈ আৰম্ভ কৰে আৰু সেই কুণ্ডত পৰশুৰাম মুক্ত হয় বুলি লোক বিশ্বাস আছে । অৰুণাচল প্ৰদেশৰ চৰকাৰে যাত্ৰী সকলৰ বাবে তাত থকা খোৱাৰ সু-ব্যৱস্থা কৰিছে আৰু পৰ্যটন ক্ষেত্ৰত অধিক মনোগ্ৰাহী কৰি তুলিছে । পূৰ্বে এই স্থানত প্ৰায় ৭০ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ হয় প্ৰত্যেক বছৰেই ।