তেজপুৰ, ১৮ মাৰ্চ: তেজপুৰত বৰ্তমানলৈকে জল্পনা কল্পনা অব্যাহত আছে বিজেপি দলৰ প্ৰাৰ্থীত্বক লৈ । প্ৰাৰ্থীত্ব প্ৰদানক লৈ স্থানীয় লোকৰ মাজত এতিয়া বৃদ্ধি পাইছে উৎকন্ঠা । প্ৰাৰ্থীত্বৰ বাবে সঘনে উচ্চাৰিত নামসমূহৰ ভিতৰত আছে ৰাজেন বৰঠাকুৰ, ঋতুপন শৰ্মাৰ নাম । এজন স্থানীয় লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে তেজপুৰ ৰাইজৰ দুখ দুৰ্দশা বুজি পাব বুলিও বহুকেইজন লোকে মন্তব্য কৰে ।
আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে নিশ্চিত কৰিছে প্ৰাৰ্থীত্ব । এম. জি ভি কে ভানুক প্ৰদান কৰা হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব ।