ETV Bharat / state

তেজপুৰত আছুৰ জোৰ সমদলত অঘটন

author img

By

Published : Jan 22, 2021, 7:59 PM IST

Updated : Jan 22, 2021, 10:18 PM IST

As_tezpur-aasu-fight-with-police_img_7203907
তেজপুৰত আছুৰ জোৰ সমদলত অঘটন

19:48 January 22

শনিবাৰে আছুৰ ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণা

তেজপুৰত আছুৰ জোৰ সমদলত অঘটন

তেজপুৰ,22 জানুৱাৰী: তেজপুৰত আছুৰ জোৰ সমদলত অঘটন ৷ তেজপুৰ আছু কাৰ্য্যালয়ৰ সন্মুখত আৰক্ষীৰে হতাহতিত লিপ্ত হয় আছু কৰ্মী ৷ এই ঘটনাত আছুৰ যুৱনেত্ৰী সহ তিনিজন প্ৰতিবাদকাৰী আহত হয় ৷ শোণিতপুৰ জিলা উপায়ুক্তই এক নিৰ্দেশ অনুসৰি জিলাখনত জোৰ সমদলৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু ইয়াৰ মাজতে আছুৰ প্ৰায় তিনি শতাধিক সমদলকাৰীয়ে হাতে হাতে জোৰ লৈ কাৰ্যালয় চৌহদৰ বাহিৰ ওলাবলৈ লওঁতেই তাত মোতায়ন কৰা চি আৰ পি বাহিনী প্ৰতিবাদকাৰীসকলৰ ওপৰত জপিয়াই পৰে ৷ চি আৰ পি এফ আৰু প্ৰতিবাদকাৰীৰ হতাহাতিত মূৰত আঘাতপ্ৰাপ্ত হয় আছুৰ কেন্দ্ৰীয় সাহিত্য সম্পাদিকা পৰিস্মিতা বৰা, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক নয়নজ্যোতি গগৈ, শোণতপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক মনোজ আৰু ঢেকিয়াজুলি ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াৰ লগতে কেবাজনো আছুকৰ্মী ৷

আহত আটাই কেইগৰাকীকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ প্ৰতিবাদকাৰী সকলক বলপূৰ্বকভাৱে আছুৰ কাৰ্যালয় চৌহদতে আবদ্ধ কৰি ৰখা হয় যদিও তাৰ পৰাই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছু কৰ্মীসকলে ৷  আনহাতে, আছু কৰ্মীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এনে নিৰ্দয় আক্ৰমণৰ প্ৰতিবাদত শোণিতপুৰ জিলা আছুৱে শনিবাৰৰ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ১২ ঘন্টীয়া শোণিতপুৰ বন্ধৰ আহ্বান জনাইছে ৷ এই লাঠিচালনাৰ সময়ত তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লোকনাথ ডেকায়ো হাতত আঘাত পায় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক-নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়-সূচী সলনি

Last Updated : Jan 22, 2021, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.