বিহালী ,৮ছেপ্তেম্বৰ:গহপুৰ, বিহালী, হেলেমত সঘনাই সংঘটিত হৈছে কিশোৰী নিৰুদ্দেশৰ(Teenage girl missing in Gohpur)ঘটনা । দৰিদ্ৰ পৰিয়ালক লক্ষ্য কৰি দুষ্ট চক্ৰই টকাৰ প্ৰলোভনেৰে অৰুণাচলত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বিশেষকৈ অসম অৰুণাচল সীমান্তৰ ভিতৰুৱা অঞ্চল সমূহত কিশোৰী নিৰুদ্দেশৰ ঘটনা বেছিকৈ সংঘটিত হৈ আহিছে ।
এনে ঘটনা সংঘটিত হৈ থকাৰ মাজতে হেলেমৰ কাৰিবিল নেপালীৰ পৰা অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী নিৰুদ্দেশ হৈছে । কাৰিবিল নেপালীৰ পুল্কু চেৰু আৰু ৰাধিকা চেৰুৰ কন্যা ৰীতা চেৰু বহুদিন ধৰি নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ।
বায়েকৰ ঘৰৰ পৰাই নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীক বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে । পিছত দৰিদ্ৰ পৰিয়ালটোৱে হেলেম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে কিশোৰীগৰাকী অৰুণাচলৰ চিম্ফু অঞ্চলত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ।
লগতে পঢ়ক:জেহাদীৰ নামত ধৰ্মীয় সংখ্যালঘু লোকক অত্যাচাৰ নকৰিবলৈ দাবী আমছুৰ