ETV Bharat / state

Tea Workers Protest at Rangapara: ধূলাপাদুং চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Dec 20, 2021, 6:33 PM IST

দীৰ্ঘদিনৰে পৰা শোষণ আৰু অন্যায়ৰ বলি হৈ অভিযোগ ধূলাপাদুং চাহ বাগিছাৰ শ্ৰমিক সকলৰ ৷ সোমবাৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতিৰ নেতৃত্বত শ্ৰমিকসকলে নিজ প্ৰাপ্যৰ দাবীত প্ৰতিবাদেৰে উত্তাল কৰি তোলে ধূলাপাদুং চাহ-বাগিছা (Tea Workers Protest at Rangapara) ৷

protest at rangapara
অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত ৰঙাপৰাত শ্ৰমিকৰ ধৰ্ণা

ৰঙাপৰা, 20 ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ শ্ৰমিকসকলে সোমবাৰে সাব্যস্ত কৰে গণতান্ত্ৰিক প্ৰতিবাদ (Tea Workers Protest at Rangapara) ৷ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিলে চাহ-বাগিছাৰ পৰিৱেশ ৷

উল্লেখ্য যে, ধূলাপাদুং চাহ বাগিচাৰ শ্ৰমিকসকল বহু দিনৰ ধৰি তেওঁলোকে লাভ কৰিব লগীয়া সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে (Tea labours deprive of their facilities) ৷ ভৱিষ্যনিধিৰ ধন, খৰি, ঘৰ মেৰামতিকে ধৰি অন্যান্য পাবলগীয়া সুবিধাবোৰৰ পৰা সদায়ে বঞ্চিত হৈ অহা শ্ৰমিকে হাতে হাতে পতাকা লৈ প্ৰতিবাদত নামিল ৷

বৰ্ধিত মজুৰিৰ এৰিয়াৰ টকা 25 ডিচেম্বৰৰ ভিতৰত আদায় দিয়ক, ঘৰৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰক, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ প্ৰাপ্য টকা তিনি মাহৰ ভিতৰত সম্পূৰ্ণ আদায় দিয়ক, নামকটা শ্ৰমিকৰ বদলি স্থায়ী কামত 15 দিনৰ ভিতৰত নিয়োগ কৰক, শ্ৰমিকক দিব লগা খৰি সম্পূৰ্ণভাৱে আদায় দিয়ক আদি শ্লোগানেৰে শ্ৰমিক সকলে ধৰ্ণা দিয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসমৰ চাহ বাগিছাৰ শ্ৰমিকসকলে বৰ্ধিত মজুৰীৰ বাবে সংগ্ৰাম কৰিছে (Tea workers demand for Wage growth) ৷ চৰকাৰে শ্ৰমিকক বৰ্ধিত হাৰত মজুৰী প্ৰদানৰ বাবে প্ৰতিশ্ৰুতি দিও সময়ত প্ৰতিশ্ৰুতি পালন নকৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷

তাৰোপৰি দীৰ্ঘদিন ধৰি ৰাজ্যৰ চাহ শ্ৰমিকসকলে দাবী জনাই আহিছে জনজাতিকৰণৰ বাবে ৷ কিন্তু আজিকোপতি জনজাতীয় মৰ্যদা প্ৰদান কৰা হোৱা নাই তেওঁলোকক ৷ যাৰবাবে ভিন্নসময়ত প্ৰতিবাদ জনাই আহিছে চাহ শ্ৰমিক সকলে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাঃ সদন স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.