ETV Bharat / state

তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত

শুকুৰবাৰে পুৱা পূৰ্বৰ বায়ুসেনাৰ মূৰব্বী এয়াৰ কমোদৰ তেজপাল সিঙৰ পৰা দায়িত্ব ভাৰ লয় এক সামৰিক মৰ্যদাৰ জৰিয়তে । তেজপুৰ বায়ুসেনাৰ ঘাটি ইষ্টাৰ্ণ এয়াৰ কমোদৰ অতি গুৰুত্বপূৰ্ণ ঘাটি । উল্লেখযোগ্য যে, ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ হোৱা এই বায়ুসেনাৰ ঘাটি পৰৱৰ্তী সময়ত ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বত সম্পূৰ্ণৰূপে ফাইটাৰ অৰ্থাৎ যুঁজাৰো বিমানৰ বাবে প্ৰস্তুত কৰা হয় ।

author img

By

Published : Jan 21, 2021, 1:54 PM IST

Updated : Jan 21, 2021, 3:39 PM IST

ইষ্টাৰ্ণ এয়াৰ বেছ তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদায়েই প্ৰস্তুতঃ এয়াৰ কমোদৰ ধৰ্মেন্দ্ৰ সিং ডাঙি

তেজপুৰ,২১ জানুৱাৰী: তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা সীমান্তৰ যি কোনো যুদ্ধৰ বাবে সদায়েই প্ৰস্তুত ইষ্টাৰ্ণ এয়াৰ বেছ তেজপুৰ বায়ুসেনাৰ ঘাটি । এই মন্তব্য নতুনকৈ দায়িত্বভাৰ লোৱা তেজপুৰ বায়ুসেনাৰ মুৰব্বী এয়াৰ কমোদৰ ধৰ্মেন্দ্ৰ সিং ডাঙিৰ । উল্লেখ্যে যে, ধৰ্মেন্দ্ৰ সিং ডাঙি ভাৰতৰ বায়ুসেনাত নতুনকৈ সংযোজিত হোৱা ৰাফেল প্ৰজেক্ট মেনেজমেণ্ট টীমৰ অন্যতম এগৰাকী সদস্য আছিল ৷ শুকুৰবাৰে পুৱা পূৰ্বৰ বায়ুসেনাৰ মুৰব্বী এয়াৰ কমোদৰ তেজপাল সিঙৰ পৰা দায়িত্ব ভাৰ লয় এক সামৰিক মৰ্যদাৰ জৰিয়তে ।

তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত

উল্লেখযোগ্য যে, তেজপুৰ বায়ুসেনাৰ ঘাটি ইষ্টাৰ্ণ এয়াৰ কমোদৰ অতি গুৰুত্বপূৰ্ণ ঘাটি । ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ হোৱা এই বায়ুসেনাৰ ঘাটি পৰৱৰ্তী সময়ত ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বত সম্পূৰ্ণৰূপে ফাইটাৰ অৰ্থাৎ যুঁজাৰো বিমানৰ বাবে প্ৰস্তুত কৰা হয় । ইপিনে দায়িত্ব গ্ৰহণ কৰি এয়াৰ কমোদৰ ধৰ্মেন্দ্ৰ সিং ডাঙিয়ে সাংবাদিকৰ আগত কয় যে তেওঁ পূৰ্বে ২০০৯ চনৰ পৰা ২০১১ চনলৈ এই ঘাটিৰ দায়িত্বত আছিল,ইয়াৰ সংযোগী সীমান্তৰ সকলো অঞ্চলৰ বিষয়ে তেওঁ জ্ঞাত ।

ডাঙিৰ মতে পূৰ্ব প্ৰান্তত যি কোনো নতুন যুদ্ধ বিমান সংযুক্ত হ’ব পাৰে সেয়া এক নিৰ্দিষ্ট পৰিকল্পনা মতেহে । তেওঁ বৰ্তমানলৈকে ৩০০০ ঘন্টা বিভিন্ন যুদ্ধ বিমান ঊৰুৱাই সকলো স্পৰ্শকাতৰ অঞ্চলত পৰিদৰ্শন কৰিছে তাৰ ভিতৰত Mig-21,MIG-27 আৰু বিশেষকৈ মালতী ৰোল SU-30 MKI । উল্লেখযোগ্য যে,এয়াৰ কমোদৰ ডাঙিয়ে ভাৰতৰ বায়ুসেনাত সংযোজিত ৰাফেল প্ৰজেক্ট মেনেজমেণ্ট টিমৰ অন্যতম সদস্য আছিল ফ্ৰাঞ্চত । এয়াৰ কমোদৰে তেওঁৰ পত্নী গ্ৰুপ কেপ্তেইন মনা দহিয়াও আজি দায়িত্ব গ্ৰহণৰ সময়ত উপস্থিত থাকে ।

লগতে পঢ়কঃ বাক্সা জিলাৰ বাৰাপেটাত বন্যহস্তীৰ তাণ্ডৱ : নিহত এজন

Last Updated : Jan 21, 2021, 3:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.