ETV Bharat / state

Manipur Violence: মণিপুৰৰ কাংপোকপি জিলাত উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধি দল - Manipur update

বুধবাৰে মণিপুৰত উপস্থিত হ’ল উচ্চতম ন্যায়ালয়ৰ এটা প্ৰতিনিধি দল ৷ কাংপোকপি জিলা পৰিদৰ্শন প্ৰতিনিধি দলটোৰ ৷ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সাহায্য বিতৰণ ৷

Manipur Violence
Manipur Violence
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:23 PM IST

তেজপুৰ, 4 অক্টোবৰ: মণিপুৰৰ মুখ্য সচিব ড৹ বিনীত যোশীয়ে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিত্তালৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত তিনিজনীয়া সমিতিৰ সৈতে কাংপোকপি জিলাৰ পৰিস্থিতি মূল্যাংকন কৰিবলৈ জিলাখনত উপস্থিত হয় ৷ উল্লেখ্য যে হিংসাৰ দ্বাৰা যথেষ্ট ক্ষতি হৈছিল কাংপোকপিত ৷

এক বিজ্ঞপ্তি অনুসৰি, তিনিজনীয়া সমিতিখনত বোম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিনী ফানচালকাৰ যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেননো অন্তৰ্ভুক্ত আছে । উচ্চতম ন্যায়ালয়ে মণিপুৰত সাহায্য, পুনঃসংস্থাপন আৰু পুনঃনিৰ্মাণ ব্যৱস্থাৰ তদাৰক কৰিবলৈ এই তিনিজনীয়া সমিতিখন গঠন কৰিছে ৷ সমিতিৰ সদস্যসকলক উপায়ুক্ত কাৰ্যালয় চৌহদত উপায়ুক্ত মহেশ চৌধুৰীৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিষয়াসকলে উষ্ম আদৰণি জনায় ৷

জিলা বিষয়াসকলৰ সৈতে এক বিস্তৃত আলোচনাত মিলিত হৈ দলটোৱে পৰিস্থিতিৰ বিষয়ে গভীৰ ভাৱে বুজিবলৈ চেষ্টা কৰে ৷ এই বৈঠকৰ পিছত, সমিতিখনে জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলৰ সহযোগত দুটা সাহায্য কেন্দ্ৰ - কিথেলমানবি হাইস্কুল আৰু লেইকোপৰ ডায়েট (DIET) চেণ্টাৰ পৰিদৰ্শন কৰে ৷

প্ৰতিনিধি দলটোৱে এই কেন্দ্ৰসমূহত উপস্থিত হৈ আশ্ৰয় গ্ৰহণ কৰি থকা 500ৰো অধিক লোকৰ সৈতে মত-বিনিময় কৰে ৷

তদুপৰি, প্ৰতিনিধি দলটোৱে কিথেলমানবিত নিৰ্মাণৰত ঘৰসমূহো পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে অঞ্চলটোত 150 টাতকৈও অধিক ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷ মণিপুৰত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে প্ৰতিনিধি দলটোৱে প্ৰতিশ্ৰুতি প্ৰদান কৰি কেন্দ্ৰসমূহত আশ্ৰয় লৈ থকা লোকসকলক সাহায্য সামগ্ৰী বিতৰণ কৰে ৷

লগতে পঢ়ক: GP Singh on ULFA-I: আলফা (স্বাঃ)ৰ শিবিৰত তেজৰ ফাঁকু; আৰক্ষী সঞ্চালক প্ৰধানৰ মহা-বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.