তেজপুৰ, ২ মে: কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিৰ নামত ব্যাপক কেলেংকাৰী । বিদ্যুৎ বিভাগে বিজুলী সংযোগ দিব নোৱাৰা অঞ্চলত সৌভাগ্য আঁচনিৰ জৰিয়তে পোহৰ বিলোৱাৰ চৰকাৰী প্ৰয়াসৰ বিপৰীতে একাংশ মধ্য ভোগীয়ে আচঁনীখনৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহত নামি পৰা এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে । তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাজগড় গাঁও পঞ্চায়তৰ তিনিখন গাঁওৰ 332 পৰিয়ালক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে । উল্লেখযোগ্য যে অসম শক্তি বিতৰণ লিমিটেডৰ তৰফৰ পৰা জৰীপ চলাই হিতাধিকাৰী নিৰ্বাচিত কৰে ।
সেই অনুসৰি ৰাজগড়ৰ 1,3 আৰু 4 নং চিৰুৱানিত সৌভাগ্য আঁচনিৰ অধীনত সৌৰ শক্তিৰে পোহৰোৱাৰ ব্যৱস্থা কৰে । পৰিতাপৰ বিষয় যে হিতাধিকাৰী সকলে সৌৰ সংযোগ লাভৰ ব্যৱস্থাটোৰ বিষয়ে নজনাৰ সুযোগ গ্ৰহণ কৰি ৰাজগড় পঞ্চায়তৰ আঞ্চলিক সদস্য নুৰুল ইছলামে একাংশ হিতাধিকাৰীৰ 500 পৰা 1500 টকা লৈকে উপঢৌকন লোৱাৰ অভিযোগ তোলে হিতাধিকাৰী সকলে ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ লোকলৈ আগবঢ়াইছে সৌৰ শক্তি চালিত লাইট । তাৎপৰ্যপূৰ্ণ যে তেজপুৰ হাটীপিল খনৰ গুদামত মজুত কৰি ৰখা সৌৰ বাতি গ্ৰহণ কৰিব আহি শতাধিক লোকে ভিৰ কৰাৰ সময়ত একাংশই নুৰুল ইছলামৰ স্বাক্ষৰিত এখন নামৰ তালিকা প্ৰকাশ কৰি বিভাগীয় তালিকাত তেওঁলোকৰ নাম নথকাত উত্তেজিত হৈ পৰে । আনহাতে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া পংকজ চমুৱা উপস্থিত হৈ পৰিস্থিতি বুজ লোৱা লগতে ৰাজগড় অঞ্চলৰ গাঁওবুঢ়াক তালিকা প্ৰস্তুত কৰা নুৰল ইছলাম ৰ বিৰুদ্ধ গোচৰ তৰিবলৈ পৰামৰ্শ দিয়ে ।
আৰু পঢ়ক: মৰিগাঁৱত নৃশংস হত্যাকাণ্ড! হত্যাকাৰীক আটক আৰক্ষীৰ
ইফালে নৰ্থ ইষ্ট এজেন্সি প্ৰাইভেট লিমিটেডৰ শুভ জ্যোতি ডেকাই কয় যে যিহেতু এই আঁচনি সম্পূৰ্ণ বিনামূলীয়া , তেনেস্থলত টকা লোৱাৰ কোনো যুক্তি নাই, আৰু এই ধন সংগ্ৰহৰ সন্দৰ্ভত কোনো কথা নাজানে । ডেকাই শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি জিলাৰ এই সৌৰ বাতি যোগানৰ নিবিদা লাভ কৰিছে বুলি জনায় ।