ETV Bharat / state

AN 32ৰ সন্ধানত নামিছে নৌ-সেনাৰ P-8l আৰু ৰিছাট উপগ্ৰহ

অৰুণাচলৰ মেচুকালৈ বুলি যাত্ৰাপথতে সন্ধানহীন হৈ পৰা AN 32 বিমানৰ সন্ধানত ব্যৱহাৰ কৰা হ'ব ইছৰোৰ ৰিছাট উপগ্ৰহৰ লগতে নৌ-সেনাৰ উন্নত ছেন্সৰযুক্ত জাহাজ P-8L ৷ চৰকাৰী সূত্ৰযোগে বায়ু সেনাই প্ৰকাশ কৰিছে এই তথ্য ৷

AN 32AN 32 Aircraft over Menchukha
author img

By

Published : Jun 4, 2019, 7:37 PM IST

তেজপুৰ, 4 জুনঃ সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা বায়ুসেনাৰ AN 32 বিমানৰ সন্ধানত নৌ-সেনাৰ P-8l স্পাই জাহাজৰ লগতে ইছৰোৰ ৰিছাট উপগ্ৰহ ব্যৱহাৰ কৰা হৈছে ৷ বায়ুসেনাৰ শীৰ্ষ সূত্ৰই চৰকাৰী বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷ তামিলনাডুৰ আৰাকোস্থিত নৌ-সেনাৰ INS Rajaliৰ পৰা দিনৰ এক বজাতেই যোৰহাটলৈ বুলি উৰা মাৰিছে নৌ-সেনাৰ দীৰ্ঘ দূৰত্বৰ সাগৰীয় উদ্ধাৰকাৰী বিমান P-8l ৷ ইতিমধ্যে যোৰহাটত উপস্থিত হৈ সন্ধানহীন AN 32 বিমানখনৰ উদ্ধাৰকাৰ্যত নামি পৰিছে বিমানখন ৷

  • #SearchAndRescue Ops: #IAF continues extensive efforts to locate the missing #AN32. P-8 I of #IndianNavy, satellites like RISAT and aircraft equipped with multiple sensors have joined the concerted efforts to locate the missing aircraft. (1/2)

    — Indian Air Force (@IAF_MCC) June 4, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অসম আৰু অৰুণাচলৰ বায়ুসীমাত বৃদ্ধি কৰা হৈছে নৌ-সেনাৰ P-8l স্পাই জাহাজৰ লগতে ৰিছাট উপগ্ৰহৰ গতিবিধি ৷ ইয়াৰ উপৰিও উদ্ধাৰকাৰ্যত নামি পৰিছে বায়ু সেনাৰ Sukhoi 30MKIৰ লগতে C-130J Super Hercules আৰু স্থলসেনাৰ Mi 17 আৰু ALH হেলিকপ্টাৰ ৷ আকাশমাৰ্গৰ উপৰিও স্থলভাগেৰে উদ্ধাৰকাৰ্যত নামি পৰিছে সেনাৰ বিশেষ দলৰ লগতে আইটিবিপি আৰু অৰুণাচলৰ অসামৰিক প্ৰশাসন ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰকাৰ্য সুকলমে চলিব পৰা নাই আৰু সেয়েহে সন্ধানহীন বিমানখনৰ সন্ধান উলিওৱাত কিছু পলম হৈছে উদ্ধাৰকাৰী বাহিনীসমূহৰ ৷

  • Continuous coordination is being carried out with Indian Army & various govt & civil agencies. (2/2)

উল্লেখ্য যে, সোমবাৰে দিনৰ ভাগত যোৰহাট বায়ু সেনা ছাউনীৰ পৰা 13গৰাকী বিমানকৰ্মীসহ উৰা মাৰিছিল বায়ু সেনাৰ AN 32 বিমানখন ৷ দিনৰ এক বজাত অৰুণাচল বায়ু সীমাত প্ৰৱেশ কৰিয়ে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে বাৰ্তালাপ কৰিছিল বিমানখনে ৷ অৰুণাচল প্ৰদেশৰ মেচুকা বিমানঘাটিলৈ উৰা মৰা বিমানখনে পৰৱৰ্তী সময়ত সংযোগ বিচ্ছিন্ন হৈ বৰ্তমানলৈ সন্ধানহীন হৈ আছে ৷

ইতিমধ্যে যোৰহাটস্থিত বায়ুসেনাৰ শিবিৰত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয় বায়ু সেনাৰ ইষ্টাৰ্ন এয়াৰ কামাণ্ডৰ AOC-in-C এয়াৰ মাৰ্শ্বাল আৰ ডি মাথুৰ আৰু তেওঁৰ পত্নী চিপ্ৰা মাথুৰে ৷ বায়ুসেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে পত্নীসহ গৈ বিমানখনৰ সৈতে নিখোজ হৈ থকা বায়ু সেনাৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ ইয়াৰ উপৰিও অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ফোনযোগে সমগ্ৰ বিষয়ৰ ওপৰত বুজ লোৱাৰ লগতে সকলো ধৰনৰ সহায়ৰ আশ্বাস প্ৰদান কৰে ৷

অধিক পঢ়কঃ পুনৰ আৰম্ভ AN-32 ৰ উদ্ধাৰ অভিযান

Intro:Body:

AIR FORCE.txt   

close

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.