তেজপুৰ,২৪ অক্টোবৰ : দুৰ্গা বা কালী পূজাত অথবা অন্য সময়তো শক্তি পীঠ সমূহত বলি দিয়া দেখা যায় ৷ বলি বিধানক লৈ বিভিন্ন সময়ত বিতৰ্কৰো সূত্ৰপাত হোৱা দেখা যায় ৷ বহুতকে দেখা যায় মাৰ শ্ৰী চৰণত হাঁহ-পাৰ, ছাগলী, ম’হ আদি বিভিন্ন জীৱ উচৰ্গা কৰি বলি দিবলৈ আনে আৰু আন বহুতে উচৰ্গা কৰি এৰি দিয়ে । কিন্তু বলি নোহোৱাকৈ পূজা অৰ্চনা অনুষ্ঠিত হ’ব নোৱাৰে নেকি !
মন্দিৰৰ পুৰোহিতৰ মতে শক্তি পীঠত পূজা অৰ্চনা বলি দিলেহে সম্পূৰ্ণ হয় । আন বহুতৰ মতে শাস্ত্ৰত উল্লেখিত মতে জীৱৰ পৰিৱৰ্তে কোমোৰা, কুঁহিয়াৰ আদিও বলি দিব পাৰে, কিন্তু নিজৰ আত্মা শুদ্ধিৰ বাবে এটা নিৰ্জীৱ প্ৰাণীৰ হত্যা বা বলি কিয় দিব লাগে বুলি বহুতেই অভিযোগ তোলে ।
আমি কোনো বিৰোধ কৰা নাই । এইয়া মাথোঁ এটা প্ৰশ্ন উত্থাপনহে হৈছে যে এনেকৈয়ে জীৱৰ পৰিৱৰ্তে সাংকেতিক ভাৱে অন্যান্য বস্তু বলি দিব পৰা যায় নেকি ! অৱশ্যে পূৰ্বৰ তুলনাত বৰ্তমান বলি বিধান যথেষ্ট পৰিমাণে কমি আহিছে । কিন্তু নিজৰ শান্তিৰ কাৰণে আন জীৱক হত্যা কৰা কিমান গ্ৰহণযোগ্য সেয়া এক চিন্তাৰ বিষয় ।
লগতে পঢ়ক : সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উগ্ৰতাৰা দেৱালয়ত পূজা