ETV Bharat / state

ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা - road construction claims by labour leader at rangapara

ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবী কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ ৷ সমষ্টি উন্নয়নত বিধায়ক গণেশ কুমাৰ লিম্বু ব্যৰ্থ বুলি গুৰুতৰ অভিযোগ তোলে শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷

road construction claims by labour leader at rangapara
ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা
author img

By

Published : Jun 11, 2020, 3:27 PM IST

ৰঙাপৰা,11 জুনঃ শোণিতপুৰৰ বৰছলাত এটা বিধ্বস্ত পথৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথচোৱাৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে ৰাইজে চৰম দুৰ্ভোগ ভুগিছে। ঢেকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীত সৰৱ কৃষক-শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি।সংবাদ মাধ্যমৰ আগত চৰকাৰখনে প্ৰতিখন জিলাতে বাট-পথ নিৰ্মাণ কৰাৰ কথা কৈ ৰাইজক আভুৱা ভাৰিছে বুলি কৃষক-শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা

ঢেকীয়াজুলি-পিৰাকটা-ধিৰাই মাজুলী সংযোগী অতি গুৰুত্বপূৰ্ণ পথচোৱা বৰ্তমানলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিছে ৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয়,স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৰ সমষ্টি উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব নাই ৷ তেনে সময়ত চৰকাৰখনে সংবাদ মাধ্যমত বাটপথ উন্নয়নৰ শ্ল’গান দি থকা বিষয়টো আমোদজনক ৷ চৰকাৰৰ সংবাদ মাধ্যমত কৰা বাট-পথৰ উন্নয়নে প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই ৷ সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্ল’গান বাদ দি প্ৰকৃততে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত গুৰুত্ব দি ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলী সংযোগী পথৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ বাট-পথ সমূহ নিৰ্মাণৰ দাবী জনায় ৷ অহা ১৫ দিনৰ ভিতৰত উক্ত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সংগঠনটোৱে সামাজিক দুৰত্ব বৰ্তাই ৰাখি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়কঃ গোলাঘাটত গড়কাপ্তানী বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.