ৰঙাপাৰা,২৭ ফেব্ৰুৱাৰী: শুকুৰবাৰে শোণিতপুৰৰ ৰঙাপাৰাত চিপিআই(এম)ৰ কৰ্মকৰ্তাই বাইক ৰেলী উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । চিপিআই(এম)ৰ নেতা-কৰ্মীসকলে ৰঙাপাৰাৰ চাহ বাগিচাসমূহ পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । চাহ শ্ৰমিকক ৩৫১ টকা দিব নোৱাৰা বিজেপি চৰকাৰ আৰু নাই দৰকাৰ, মিছলীয়া চৰকাৰৰ কাম নাই, বিজেপি চৰকাৰ গ' বেক, দৈনিক মজুৰি, মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰতি দিয়া বিজেপি চৰকাৰ দৰকাৰ নাই আদি বিভিন্ন শ্ল'গানেৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
চি পি আই (এম)ৰ কৰ্মৰকৰ্তাসকলৰ অভিযোগ মতে, ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকক বিভিন্ন প্ৰতিশ্ৰুতি দি ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল । কিন্তু শাসনৰ গাদীত বহাৰ পিছতে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে । আনহাতে, চাহ শ্ৰমিকক ৩৫১ টকাৰ দৈনিক মজুৰি দিব নোৱাৰা বিজেপি চৰকাৰে বাগিচাৰ শ্ৰমিকক ৩০০০ হাজাৰ টকাৰ টোপ দি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি তীব্ৰ সমালোচনা কৰে ।
লগতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এতিয়া আধাৰশিলাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও কটাক্ষ কৰে । সাংসদ পল্লৱ লোচন দাস শ্ৰম মন্ত্ৰী হৈ থকাৰ সময়তে চাহ শ্ৰমিকক দৈনিক মজুৰি ৩৫১ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু আজিলৈকে দৈনিক মজুৰি প্ৰতিশ্ৰুতি দিয়া মতে বৃদ্ধি কৰা নহ'ল । ভূমি পট্টা প্ৰদান, জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰিলে চৰকাৰে । সোয়ে বিজেপি চৰকাৰক মিছলীয়া চৰকাৰ আখ্যা দি বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক:কৰিমগঞ্জত কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ